বি চি চি আইৰ ৰাষ্ট্ৰীয় জুনিয়ৰ নিৰ্বাচক কমিটীত অসমৰ কৃষ্ণ দাস

Dainik Janambhumi October 24, 2026

ডিজিটেল ডেস্ক : অসমৰ বৰপেটাৰ অসমৰ প্ৰাক্তন বেগী বলাৰ কৃষ্ণ দাসক বি চি চি আইৰ ৰাষ্ট্ৰীয় জুনিয়ৰ দলৰ বাছনী কমিটীৰ সদস্য হিচাপে নিযুক্তি দিয়া হৈছে। দাসৰ ঘৰুৱা কেৰিয়াৰ আছিল আকর্ষণীয়। তেওঁ ৪৯ খন প্রথম শ্ৰেণীৰ মেচত ১৬৬ টা উইকেট দখল কৰিছিল। 

দাসে ভাৰতৰ ১৯ বছৰ অনূধৰ্ব আৰু ভাৰত এ দলৰ হৈ খেলিছিল। পাছত তেওঁ ভাৰতৰ ১৯ বছৰ অনূর্ধ্ব দলৰ বলিং প্রশিক্ষকৰ দায়িত্বত আছিল। তেওঁৰ এই নিযুক্তিৰ বাবে এ চি এৰ সম্পাদক সনাতন দাসে বি চি চি আইৰ সম্পাদক দেৱজিৎ শইকীয়াৰ প্ৰতি কৃতজ্ঞতা প্রকাশ কৰাৰ লগতে এই নিযুক্তি অসম ক্ৰিকেটৰ বাবে এক গৌৰৱৰ মুহূৰ্ত আৰু ক্রিকেটীয় অভিজ্ঞতা তথা অৱদানক দিয়া এক স্বীকৃতি বুলিও কয়। 

ইফালে ভাৰতীয় দলৰ প্ৰাক্তন বেগী বলাৰ পৰমিন্দৰ অৱানাক জুনিয়ৰ বাছনী কমিটীৰ অধ্যক্ষৰূপে নিযুক্ত কৰা হৈছে।

Share This