মধ্যপ্ৰদেশত নিৰ্মাণ কৰা সৰ্ববৃহৎ ৰাখীয়ে গঢ়িব বিশ্ব অভিলেখ, গীনিজ বুকত নাম অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা

Kakali Deka August 30, 2023

ডিজিটেল ডেস্কঃ ৰক্ষা বন্ধন  উৎসৱক লৈ সমগ্ৰ দেশতে আনন্দৰ বন্যা বৈ গৈছে। এনে সময়তে  সমগ্ৰ দেশতে  এটা ৰাখীকলৈ বেছ  চৰ্চা  হৈছে।  মধ্য প্ৰদেশৰ ভিন্দ ত সাজি উলিওৱা হৈছে এটা বিশাল আকৃতিৰ ৰাখী।  পৃথিৱীৰ সৰ্ববৃহৎ ৰাখী হিচাবে পৰিচিত হৈ পৰা এই ৰাখীটোৱে এতিয়া বিশ্বৰ সৰ্ববৃহৎ ৰাখী হিচাবে গীনিজ বুকত নাম অন্তৰ্ভুক্ত  কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে।  সমাজকৰ্মী আৰু বিজেপি নেতা অশোক ভৰদ্বাজে নিৰ্মাণ কৰি উলিয়াইছে এই বিশাল আকৃতিৰ ৰাখীটো। এই ৰাখীটোৰ নাম গিনীজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত অন্তৰ্ভুক্ত হ’ব বুলি ভৰদ্বাজে প্ৰকাশ কৰিছে।তেওঁ কয় যে ৰাখীটো প্ৰস্তুত কৰিবলৈ বাহিৰৰ পৰা ১২ জনৰো অধিক শিল্পীক  অনা হৈছে।  বিজেপি কৰ্মীসকলেও  ৰাখী নিৰ্মাণত সহযোগিতা কৰি আছে।   এই ৰাখীটো  ২০ ফুট দীঘল হ’ব । এই ৰাখী সৃষ্টিৰ পিছত ই বিশ্বৰ সৰ্ববৃহৎ ৰাখী হ'ব বুলি ভৰদ্বাজে প্ৰকাশ কৰে। ইতিমধ্যে গীনিজ বুক কৰ্তৃপক্ষই তেওঁৰ সৈতে যোগাযোগ কৰা বুলিও ভৰদ্বাজে প্ৰকাশ কৰে। 

ৰাখীটো   কাৰ্ডবোৰ্ড, কাঠ আৰু কাপোৰেৰে তৈয়াৰ কৰা হৈছে। আকৰ্ষণীয় ডিজাইন আৰু ৰঙত প্ৰস্তুত কৰা  এই ৰাখীৰ ব্যাস ২৫  ফুট হ'ব।

Share This