নিৰাপত্তা বাহিনীৰ ৯ লাখ জোৱানেৰে কটকটীয়া নিৰাপত্তা বেহু, ‌১২ ফেব্ৰুৱাৰীত বাংলাদেশৰ সাধাৰণ নির্বাচন

dainik janambhumi February 09, 2026

ডিজিটেল ডেস্ক : বাংলাদেশৰ ত্রয়োদশ সংসদীয় নির্বাচন আৰু গণভোট অহা ১২ ফেব্রুৱাৰীত অনুষ্ঠিত হ'ব। নির্বাচন যাতে সুকলমে সম্পন্ন হয় তাৰ বাবে অন্তৰ্ৱৰ্তীকালীন চৰকাৰে নিৰাপত্তা ব্যবস্থা কটকটীয়া কৰি তুলিছে। দেশখনৰ বিভিন্ন স্থানত সেনা আৰু অর্ধসামৰিক বাহিনীৰ ৯ জোৱানক নিয়োজিত কৰা হৈছে। দেওবাৰৰ পৰা ১৪ ফেব্রুৱাৰী পর্যন্ত দেশখনত কঠোৰ নিৰাপত্তা ব্যবস্থা অব্যাহত থাকিব। নির্বাচন যাতে মুক্ত আৰু নিৰপেক্ষ হয় সেই বিষয়ত দেশখনৰ নির্বাচন আয়োগে বিশেষ গুৰুত্ব দিছে। 

দেশখনৰ নির্বাচন আয়োগৰ তথ্য অনুসৰি, ১০ ফেব্ৰুৱাৰীৰ পুৱা ৭-৩০ বজাত নির্বাচনী প্রচাৰৰ অন্ত পৰিব। এইবাৰৰ নির্বাচনত ২৯৯ আসনত ২০০৯জন প্রার্থীয়ে প্রতিদ্বন্দ্বিতা কৰিব। যাৰ মাজত শতাধিক নির্দলীয় প্রার্থীও আছে। মুঠ ১৩ কোটি ভোটাৰে ৪২,৭৭৯টা ভোট কেন্দ্রত নিজৰ সাংবিধানিক অধিকাৰ সাব্যস্ত কৰিব। উল্লেখযোগ্য যে দেশখনৰ শ্বেইখ হাছিনা নেতৃত্বাধীন আৱামী লীগৰ চৰকাৰখনৰ গণ বিদ্রোহৰ সন্মুখীন হৈ ২০২৪ চনৰ ৫ আগষ্টত পতন ঘটিছিল। তাৰ পৰৱর্তী সময়ত হাছিনাই ভাৰতত বাজনৈতিক আশ্রয় গ্রহণ কৰে আৰু ইফালে বাংলাদেশত শান্তিব ন'বেল বঁটা বিজয়ী মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৰ্ৱৰ্তী চৰকাৰ গঠন হয়।

কিন্তু চৰকাৰ গঠন হ'লেও দেশখনত অশান্তজর্জৰ পৰিস্থিতি অব্যাহত থাকে। পলে পলে দেশখনত মানৱ অধিকাৰ ভংগৰ ঘটনা হ'বলৈ ধৰে। যাৰ ফলত অন্তৰ্ৱৰ্তী চৰকাৰে প্রচণ্ড হেঁচাৰ সন্মুখীন হৈ নির্বাচন অনুষ্ঠিত কৰিবলৈ বাধ্য হয়। ১২ ফেব্রুৱাৰীৰ নির্বাচনে দেশখনলৈ সুস্থিৰ অৱস্থা ঘূৰাই অনাৰ আশা কৰিছে বিশ্ব সম্প্রদায়ে।

Share This