১ জানুৱাৰীৰ পৰা পুৰীৰ জগন্নাথ মন্দিৰত পিন্ধিব নোৱাৰিব ফটা জীনছ,ছুটি কাপোৰ,স্কাৰ্ট 

Kakali Deka October 13, 2023

ডিজিটেল ডেস্কঃ ওড়িশাৰ পুৰীৰ শ্ৰীজগন্নাথ মন্দিৰ প্ৰশাসনে (এছ জে টি এ) জগন্নাথ মন্দিৰত ২০২৪ চনৰ ১ জানুৱাৰীৰ পৰা কঠোৰভাৱে এক পোছাক বিধি বলৱৎ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
মন্দিৰৰ জ্যেষ্ঠ পৰিচাৰক বিনায়ক দাসমহাপাত্ৰই কয়, ‘পুৰীৰ জগন্নাথ মন্দিৰ চাৰিধামৰ ভিতৰত গুৰুত্বপূৰ্ণ ধর্মীয় পীঠ। প্রভু জগন্নাথৰ দৰ্শনৰ বাবে লাখ লাখ ভক্তই পুৰী ভ্ৰমণ কৰে। সেয়ে মন্দিৰৰ আধ্যাত্মিকতা আৰু পৱিত্ৰতা ৰক্ষা কৰিবৰ বাবে সকলো ভক্তৰ বাবে পোছাক বিধি বলৱৎ কৰাটো প্রয়োজনীয় হৈ পৰিছে।' বহু লোক মন্দিৰলৈ হাফপেন্ট বা চুটি কাপোৰ পিন্ধি আহে বুলি অভিযোগ কৰি পুৰী শ্রীমন্দিৰৰ পৰিচাৰকৰ সমিতিয়ে পোছাক বিধিৰ দাবী জনাইছিল। এতিয়া অহা ১ জানুৱাৰীৰ পৰা ভক্তসকলে পুৰীৰ জগন্নাথ মন্দিৰত প্ৰৱেশ কৰিবলৈ হ'লে ‘শালীন' পোছাক পৰিধান কৰিব লাগিব। তেওঁ আৰু কয়, ভক্তই জগন্নাথ মন্দিৰলৈ আহিলে পৰম্পৰাগত পোছাক পৰিধান কৰিব লাগিব। তেওঁলোকে চুটি কাপোৰ, ফটা জীন্‌ছ আৰু স্কাৰ্টৰ দৰে পোছাক পিন্ধিব নোৱাৰিব। 
 

Share This