ইৰানৰ আক্ৰমণত মধ্য প্রাচ্যত বৃহৎ ক্ষতি আমেৰিকাৰ

dainik janambhumi May 08, 2026

ডিজিটেল ডেস্ক : ইৰানৰ আক্ৰমণত মধ্য প্রাচ্যত বৃহৎ ক্ষতিৰ সন্মুখীন হ'ল আমেৰিকা। মার্কিন প্রশাসনে যোৱা এমাহে বিশ্বৰ সন্মুখৰ পৰা এই তথ্য লুকুৱাই ৰাখিছিল যদিও শেহতীয়াকৈ উপগ্ৰহৰ জৰিয়তে লোৱা ছবিয়ে ক্ষয়-ক্ষতিৰ বিস্তৃত তথ্য পোহৰলৈ আনিছে। মার্কিন সংবাদ প্রতিষ্ঠান 'ৱাশ্বিংটন প'ষ্ট'ত প্রকাশিত প্রতিবেদনৰ তথ্য অনুসৰি ইৰানৰ বিমান আক্ৰমণত মধ্য প্রাচ্যত থকা আমেৰিকাৰ কমেও ১৫টা সামৰিক ঘাটিৰ ২২৮টা বিভিন্ন আন্তঃগাঁথনি ধ্বংস হয়। 

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে যুদ্ধ-বিৰতি ঘোষণা কৰাৰ পূৰ্বে ইৰানে ক্ষেপণাস্ত্র আক্রমণেৰে কুৱেইট, কাটাৰ বাহৰেইন, ছৌডি আৰবিয়া, সংযুক্ত আৰব আমিৰশ্বাহী আদি দেশত থকা মার্কিন সামৰিক ঘাটিত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। ইৰানৰ অহৰহ ক্ষেপণাস্ত্র আক্রমণত বহু সামৰিক শিবিৰ, সামৰিক আন্তঃগাঁথনি অস্ত্র-শস্ত্র ধ্বংস হোৱাত মার্কিন সেনাই বিভিন্ন চৰকাৰী কাৰ্যালয়, হোটেল, গেষ্ট হাউছত আশ্রয় ল'ব লগা হৈছিল। কিন্তু মার্কিন প্রশাসনে এই বৃহৎ লোকচানৰ তথ্য লুকুৱাই সামান্য ক্ষতিৰ তথ্যহে প্ৰকাশ কৰিছিল। 

ইৰানী কর্তৃপক্ষই শেহতীয়াকৈ এই আক্রমণসমূহৰ উপগ্ৰহৰ জৰিয়তে লোৱা ছবি প্ৰকাশ কৰাত গোমৰ ফাঁক ওলাই পৰিছে। ইৰানৰ আক্ৰমণত মার্কিন সামৰিক শিবিৰসমূহৰ বেৰেক, ইন্ধন ডিপ'ট, যুঁজাৰু বিমান, কৌশলগত ৰাডাৰ, যোগাযোগ ব্যৱস্থা, এয়াৰ ডিফেন্স ছিষ্টেম সম্পূর্ণরূপে ধ্বংস হৈছিল।

Share This