ইৰানৰে যুদ্ধৰ বিৰুদ্ধে মার্কিন সংসদত প্ৰস্তাৱ গৃহীত

dainik janambhumi June 05, 2026

ডিজিটেল ডেস্ক : আমেৰিকাত ইৰান যুদ্ধৰ বিৰোধী ঢৌ ক্ৰমাৎ বৃদ্ধি পাইছে। এইবাৰ মার্কিন সংসদেও মধ্যপ্রাচ্যৰ যুদ্ধখনৰ বিৰুদ্ধে প্ৰস্তাৱ গ্ৰহণ কৰিলে। ইৰান যুদ্ধৰ পৰা আমেৰিকাৰ সেনা প্রত্যাহাৰ কৰা সন্দৰ্ভত বুধবাৰে মার্কিন হাউছ অব্ ৰিপ্রেজেন্টেটিভছে এটা প্রস্তাব গ্রহণ কৰে। 

এই প্ৰস্তাৱটো ২১৫-২০৮ ভোটত গৃহীত হয়। ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ নেতৃত্বাধীন ৰিপাব্লিকান দলৰ চাৰিগৰাকী সাংসদেও বিৰোধী ডেমক্রেটিক দলৰ সাংসদসকলৰ সৈতে এই প্ৰস্তাৱৰ সপক্ষে ভোট দিয়ে। অৱশ্যে ই প্রতীকী প্রতিবাদ স্বৰূপহে হ'ল। কাৰণ ৰাষ্ট্ৰপতি ট্রাম্পে ইয়াৰ বিৰুদ্ধে ভেটো প্রদান কৰাত প্ৰস্তাৱটো নাকচ হয়। 

তথাপি ই যুদ্ধৰ বিৰুদ্ধে নিজ দেশতে ট্রাম্পে মুখ থেকেচা খোৱা বুলি ক'ব পাৰি। বিষয়টো সন্দর্ভত বৈদেশিক পৰিক্ৰমা সমিতিৰ ডেমক্রেট সদস্যসকলে 'এক্স'ত উল্লেখ কৰিছে যে এই প্রস্তাৱটো প্ৰকৃততে মার্কিন নাগৰিকৰ হৈ ৰাষ্ট্ৰপতি ট্রাম্পলৈ এটা স্পষ্ট আহ্বান। ইৰানত চলাই থকা অবৈধ যুদ্ধখন শীঘ্ৰে বন্ধ কৰা উচিত।

Share This