ডিজিটেল ডেস্ক : ইৰানৰ বিৰুদ্ধে যুদ্ধত জয়ী হ'বলৈ আমেৰিকা-ইজৰাইল বাহিনীয়ে ছল-বল আৰু কৌশল সকলো প্ৰয়োগ কৰিও সফলতা লাভ কৰিব পৰা নাই। এইবাৰ ইৰানৰ বিৰুদ্ধে কুর্দিছ বিদ্রোহীক ব্যৱহাৰৰ আঁচনি লৈছে যুদ্ধবাজ ইজৰাইলে। সংবাদ সংস্থা ৰয়টাৰৰ তথ্য অনুসৰি কুৰ্দিছ বিদ্রোহীয়ে যাতে ইৰানৰ সীমান্ত অঞ্চলসমূহ দখল কৰি ল'ব পাৰে তাৰবাবে প্রত্যক্ষভাৱেই বিদ্রোহীসকলক সহায় কৰিছে ইহুদী ৰাষ্ট্ৰখনে। ইৰানৰ কুৰ্দিছ বিদ্রোহীক আমেৰিকাই ও সমর্থন জনাইছে।
মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে শুকুৰবাৰে কয় যে বৰ্তমান ইৰাকত ঘাটি পাতি থকা ইৰানী কুর্দিছ বিদ্রোহীসকলে যদি সীমান্ত পাৰ হৈ যায়, তেন্তে 'আচৰিত' হ'ব লগা একো নাথাকিব। অৰ্থাৎ আমেৰিকা-ইজৰাইলৰ আক্ৰমণৰ সুযোগ লৈ কুর্দিছ বিদ্রোহীয়েও শীঘ্ৰেই ইৰানৰ সীমান্ত অঞ্চলত আক্রমণ সংঘটিত কৰাটো যেন প্রায় নিশ্চিত। ইৰানৰ সীমান্ত অঞ্চলৰ চহৰসমূহ যাতে সহজেই কুর্দিছ বিদ্রোহীয়ে দখল কৰি ল'ব পাৰে, তাৰ সুবিধা কৰি দিয়াৰ বাবেই ইজৰাইলে পশ্চিম ইৰানত অহর্নিশে বোমা বর্ষণ কৰি আহিছে।
ৰয়টাৰৰ তথ্য মতে, ইৰানৰ নিৰাপত্তা বাহিনীৰ ওপৰত কেতিয়া, কেনেকৈ আক্রমণ সংঘটিত কৰিব লাগিব-এই সন্দৰ্ভত আমেৰিকাৰ সেনাৰ পৰা পৰামৰ্শও লৈছে কুর্দিছ বিদ্রোহীয়ে। ইৰাকী কুর্দিস্তানৰ অৰ্ধ স্বায়ত্তশাসিত অঞ্চলত দীর্ঘদিনে বাস কৰি অহা কুর্দিছ বিদ্রোহীসকলক ইৰানৰ বিৰুদ্ধে প্রতিশোধমূলক আক্ৰমণৰ বাবে ইজৰাইলে যোৱা এবছৰ ধৰি উৎসাহিত কৰি আহিছে। কুর্দিছ বিদ্রোহীয়ে ইজৰাইল-আমেৰিকাৰ সহযোগত ইৰানৰ সীমান্ত অঞ্চলৰ অছনাভেই, পিৰানছাহকে ধৰি তিনিখন চহৰ নিজৰ দখললৈ অনাৰ বাবে হয়তো শীঘ্রেই অভিযান আৰম্ভ কৰিব। উল্লেখযোগ্য যে বিশ্বত প্ৰায় ৪ কোটি কুর্দিছ লোক আছে। এই কুদসকল হৈছে বিশ্বৰ সৰ্ববৃহৎ খিলঞ্জীয়া গোট। আমেৰিকা, ইৰান, ইৰাক, ছিৰিয়া, তুৰস্কৰ সীমান্ত অঞ্চলৰ উপত্যকাসমূহত এই লোকসকলে বাস কৰে।