ইৰান আক্ৰমণত পাকিস্তানৰ ভূমি ব্যৱহাৰ কৰিব মাৰ্কিন সেনাই

dainik janambhumi June 20, 2025

ডিজিটেল ডেস্কঃ বুধবাৰে মার্কিন বাষ্ট্রপতি ডনাল্ড ট্রাম্পে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিছিল। হোৱাইট হাউছত পাক সেনাৰ মুৰব্বীৰ সৈতে মার্কিন ৰাষ্ট্ৰপতিজনৰ এই ৰুদ্ধদ্বাৰ আহাৰ গ্ৰহণ কৰাটোত আমেৰিকাৰ এক গভীৰ স্বার্থ নিহিত হৈ আছে।

 বাশিংটনৰ শীৰ্ষ কূটনৈতিক সূত্রই প্ৰকাশ কৰা মতে, এই আহাৰ গ্ৰহণ তথা ৰুদ্ধদ্বাৰ বৈঠকৰ সময়ত পাকিস্তানৰ সেনা মুৰব্বীজনৰ সন্মুখত আমেৰিকাই এলানি দাবী উত্থাপন কৰে। মধ্য প্রাচ্যত উত্তেজনা আৰু ইৰান-ইজৰাইলৰ ভয়ংকৰ যুদ্ধ চলি থকাৰ মাজতে পাকিস্তানক আমেৰিকাই চৰ্তবিহীনভাৱে সামৰিক আৰু কৌশলগত সমর্থন আগবঢ়োৱাৰ বিষয়ে ৰাষ্ট্ৰপতি ট্রাম্পে মুনিৰক অৱগত কৰে। 

ট্রাম্পে কয় যে যদি আমেৰিকাই ইৰানত আক্ৰমণ কৰে, তেনেহ'লে পাকিস্তানে আমেৰিকাৰ পক্ষ ল'ব লাগিব। আমেৰিকাৰ প্রতি পাকিস্তানে সমর্থন আগবঢ়ালে আমেৰিকাই পাকিস্তানৰ বিমান ঘাটিবোৰ ইৰানৰ বিৰুদ্ধে ব্যৱহাৰ কৰিব পাৰিব। ইৰানৰ সীমান্তত থকা পাকিস্তানৰ বিমান ঘাটি, ভূমি আৰু সম্ভৱতঃ সাগৰীয় পথো আমেৰিকাই ব্যৱহাৰ কৰিব পাৰিব ইৰান আক্ৰমণৰ সময়ত। ইয়াৰ পৰিৱৰ্তে আমেৰিকাই পাকিস্তানক সামৰিক আৰু কৌশলগত সাহায্য আগবঢ়াব বুলি ট্রাম্পে মুনিৰক অৱগত কৰে। আহাৰ গ্ৰহণৰ পাছত ট্রাম্পে কয় যে ইৰানক পাকিস্তানে অধিক জানে। সেইবাবে ইৰান আক্ৰমণৰ সময়ত পাকিস্তানৰ সহায় লাগে আমেৰিকাক। পাকিস্তানে আমেৰিকাৰ পক্ষ ল'লে ট্রাম্পে পাকিস্তানক মার্কিন প্ৰতিৰক্ষা প্ৰযুক্তিৰ যুদ্ধ বিমান আৰু অত্যাধুনিক ক্ষেপণাস্ত্র আৰু বিত্তীয় সাহায্য দিয়াৰ প্রতিশ্রুতি প্ৰদান কৰে। তদুপৰি, পাকিস্তানক চীন আৰু ৰাছিয়াৰ পৰা সম্পৰ্ক বিচ্ছিন্ন কৰিবলৈ ট্রাম্পে আহ্বান জনায় আৰু আমেৰিকাৰ সৈতে সম্পৰ্ক দৃঢ় কৰিবলৈ আহ্বান জনায়। 'আমি আমাৰ পুৰণি অংশীদাৰক ঘূৰাই বিচাৰোঁ, ট্রাম্পে কয়। ভাৰতৰ সৈতে থকা পাকিস্তানৰ বিবাদসমূহৰ বিষয়ত মধ্যস্থতা কৰাৰ বিষয়তো ট্রাম্পে পুনৰ আগ্রহ প্রকাশ কৰে। বিশেষকৈ কাশ্মীৰ আৰু সিন্ধু জল চুক্তি স্থগিতকৰণৰ বিষয়ত পাকিস্তান আৰু ভাৰতৰ মাজত মধ্যস্থতা কৰাৰ বাবে আগ্রহ প্রকাশ কৰে মার্কিন ৰাষ্ট্ৰপতিজনে।

Share This