ডিজিটেল ডেস্ক: পশ্চিম বংগত 'বন্দে মাতৰম' সকলো বিদ্যালয়ত গোৱাটো বাধ্যতামূলক কৰাৰ এসপ্তাহৰ পাছত শুভেন্দু অধিকাৰীৰ নেতৃত্বৰ বিজেপিৰ চৰকাৰখনে ৰাজ্যখনৰ সকলো মাদ্ৰাছাতে ৰাষ্ট্ৰীয় গানটো গোৱা বাধ্যতামূলক কৰিছে।
বৃহস্পতিবাৰে ৰাজ্যখনৰ মাদ্রাছা শিক্ষা সঞ্চালকালয়ে এটা আদেশ জাৰি কৰি কয় যে সমগ্র পশ্চিম বংগৰ মাদ্ৰাছাসমূহত পুৱা সমাৱেশৰ সময়ত 'বন্দে মাতৰম' শিক্ষার্থীয়ে গোৱাটো বাধ্যতামূলক কৰা হৈছে।
উল্লেখযোগ্য যে যোৱা সপ্তাহত পশ্চিম বংগ চৰকাৰে ৰাজ্যখনৰ সকলো বিদ্যালয়তে 'বন্দে মাতৰম'ৰ সম্পূৰ্ণ ছটা স্তৱক গোৱাটো বাধ্যতামূলক কৰিছিল।