ডিজিটেল ডেস্ক : ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্কত সৃষ্টি হোৱা তিক্ততাৰ প্রভাৱ এতিয়া বিভিন্ন দিশত দেখিবলৈ পোৱা গৈছে। শেহতীয়াকৈ আমেৰিকাই দেশখনত অধ্যয়ন কৰি থকা ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ প্ৰতি কঠোৰ সকীয়নি জাৰি কৰিছে। ভাৰতত থকা মার্কিন দূতাবাসে সামাজিক মাধ্যমত জাৰি কৰা এটা সতর্কবাণীত কয় যে আমেৰিকাত অধ্যয়ন কৰি থকা ছাত্ৰ-ছাত্ৰীসকলে দেশখনৰ আইন উলংঘা কৰিলে তেওঁলোকৰ ভিছা বাতিল কৰা হ'ব পাৰে আৰু আনকি দেশখনৰ পৰা বিতাড়ন কৰাও হ'ব পাৰে।
দূতাবাসে সামাজিক মাধ্যমত দিয়া এটা প'ষ্টত কয়, 'যদি আপুনি আমেৰিকাৰ আইন উলংঘা কৰে বা আপোনাক গ্ৰেপ্তাৰ কৰা হয় তেতিয়া ছাত্র ভিছাৰ ক্ষেত্ৰত গুৰুতৰ পৰিণামৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ ভিছা বাতিল কৰা হ'ব পাৰে, আপোনাক দেশৰ পৰা বহিষ্কাৰ কৰা হ'ব পাৰে আৰু ভৱিষ্যতে আমেৰিকাৰ ভিছাৰ বাবে অযোগ্য ঘোষণা কৰা হ'ব পাৰে। আইন মানি চলক।
আমেৰিকাৰ ভিছা অধিকাৰ নহয়, এক সুবিধাহে।' উল্লেখযোগ্য যে আমেৰিকাৰ দূতাবাসে সময়ে সময়ে এনেধৰণৰ সতর্কবাণী জাৰি কৰি থাকে। শেহতীয়াকৈ ভাৰতৰ পৰা অবৈধভাৱে আমেৰিকালৈ যোৱাসকলকো সতৰ্ক কৰি দিয়া হয়। দূতাবাসে কয় যে আমেৰিকাৰ প্ৰব্ৰজন আইন উলংঘা কৰাসকল কঠোৰ অপৰাধমূলক শাস্তিৰ সন্মুখীন হ'ব পাৰে। আমেৰিকাই এইচ ১ বি আৰু ছাত্ৰ ভিছাৰ নিয়ম কঠোৰ কৰিছে। ফলত দেশখনত অধ্যয়ন কৰিবলৈ যোৱা ছাত্র-ছাত্ৰীৰ সংখ্যা হ্রাস পাইছে। আমেৰিকাত নতুনকৈ নামভৰ্তি কৰা বিদেশী ছাত্র-ছাত্ৰীৰ সংখ্যা ১৭% হ্রাস পাইছে।