দেশজুৰি বাজিব যুদ্ধৰ চাইৰেন; অসমৰ ক’ত ক’ত হ’ব যুদ্ধৰ আখৰা? 

Kakali Deka May 06, 2025

ডিজিটেল ডেস্ক : অসামৰিক প্ৰতিৰক্ষা মকড্ৰিল হৈছে যুদ্ধ, প্ৰাকৃতিক দুৰ্যোগ বা অন্যান্য জৰুৰীকালীন অৱস্থা; যেনে বিমান আক্ৰমণ, সন্ত্ৰাসবাদী আক্ৰমণ বা ৰাসায়নিক আক্ৰমণৰ বাবে সাধাৰণ নাগৰিক, প্ৰশাসন আৰু জৰুৰীকালীন সেৱাক প্ৰস্তুত কৰাৰ লক্ষ্যৰে পৰিকল্পিত অনুশীলন। 

ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু নাগৰিকৰ বাবে গুৰুত্বপূৰ্ণ ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ পাছত এয়াই প্ৰথম এনে বৃহৎ অসামৰিক প্ৰতিৰক্ষা অনুশীলন।পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক লৈ চাঞ্চল্য অব্যাহত থকাৰ মাজতে সোমবাৰে ভাৰতৰ গৃহ মন্ত্ৰ্যালয়ে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে।  ভাৰত চৰকাৰে ৭ মে’ অৰ্থাৎ কাইলৈ ২৪৪খন জিলাত চিভিল ডিফেন্স মকড্ৰিল কৰাৰ নিৰ্দেশ দিয়ে। 

এই মকড্ৰিল তিনিটা শাখাত মুঠ ২৪৪ খন জিলাত অনুষ্ঠিত হ’ব। দ্বিতীয় আৰু তৃতীয় শাখাত পৰিছে উত্তৰ-পূবৰ ৰাজ্যসমূহ। মকড্ৰিলত কোনখন জিলা কোনটো শ্ৰেণীত পৰিছে চাওঁ আহক-

অসম
১ম শ্ৰেণী- বঙাইগাঁও, ডিব্ৰুগড়, ধুবুৰী, গোৱালপাৰা,যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া, তেজপুৰ, ডিগবৈ, দুলীয়াজান, গুৱাহাটী (দিছপুৰ), ৰঙিয়া, নামৰূপ, নাজিৰা, উত্তৰ লখিমপুৰ, নুমলীগড়।

২য় শ্ৰেণী- দৰং, গোলাঘাট, কাৰ্বি আংলং, কোকৰাঝাৰ।

অৰুণাচল প্ৰদেশ
১ম শ্ৰেণী- আলো (ৱেষ্ট চিয়াং), ইটানগৰ, টাৱাং, হায়ুলিয়াং

২য় শ্ৰেণী- বামোডিয়া

মণিপুৰ
২য় শ্ৰেণী- ইম্ফল, চূড়াচন্দপুৰ, উখৰুল, মৰেহ, নিংথৌখং

মেঘালয়
২য় শ্ৰেণী- শ্বিলং, জোৱাই, তুৰা

মিজোৰাম
২য় শ্ৰেণী- আইজল

নগালেণ্ড
২য় শ্ৰেণী- ডিমাপুৰ, কহিমা, মকোকচুং, মন, ফেক, টুৱেনচাং, ৱোখা, জুনহেবোটো, কিফিৰে, পেৰেন

ছিকিম
২য় শ্ৰেণী- গেংটক

ত্ৰিপুৰা
২য় শ্ৰেণী- আগৰতলা

উল্লেখ্য যে ৰাজস্থান, পঞ্জাব, জম্মু-কাশ্মীৰ, পশ্চিম বংগ, উত্তৰ-পূৰ্বাঞ্চলৰ দৰে সীমান্তৱৰ্তী ৰাজ্যসমূহত বিপজ্জনক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মকড্ৰিল কৰাৰ নিৰ্দেশ দিয়া হৈছে। এই সময়ছোৱাত যুদ্ধৰ সময়ত ল’বলগীয়া সাৱধানতা, চাইৰেন বাজিলে কি কৰিব লাগিব, এয়াৰ ষ্ট্ৰাইক হ’লে কি কৰিব আদি সকলো প্ৰশিক্ষণ ইয়াত দিয়া হ’ব। পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে ভাৰতে গ্ৰহণ কৰা এই সিদ্ধান্তই শংকিত কৰিছে জনতাক।

 

উৎস প্ৰাগ নিউজ ডিজিটেল

Share This