অসমীয়াই কি হিচাপে সোণোৱালক মনত ৰাখিব?
Kakali Deka
November 17, 2023
ডিজিটেল ডেস্ক: সৰ্বানন্দ সোণোৱাল অসমৰ সমাজ জীৱনত এগৰাকী চৰ্চিত ব্যক্তি৷ সোণোৱালৰ সামাজিক জীৱন আৰম্ভ হৈছিল সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত৷ আছুৰ সভাপতি, পাছলৈ উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰি একেটা সোঁততে গৈ অগপত যোগ দিছিল৷ আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদক ভেটি কৰি অগপই অসমত ৰাজনীতিৰ পাতনি মেলিছিল৷ স্বাভাৱিকতে অসম আৰু অসমীয়া মানুহক খুব বেছি ভালপোৱা যিকোনো এজন জাতীয়তাবাদী চিন্তা-চেতনাৰে সমৃদ্ধ লোকৰ প্ৰথম পচন্দ অগপ হ’ব পাৰে৷ এতিয়া অৱশ্যে অগপ সম্পৰ্কত সেই ধাৰণা মানুহৰ মাজত লাহে লাহে সলনি হৈছে৷
চৰিত্ৰগতভাৱে অগপও সলনি হৈছে৷ অগপৰ নেতাসকলে এতিয়া যিটো ছাতিৰ তলত থিয় হৈ ৰ’দ-বৰষুণৰ পৰা নিজকে বচাব বিচাৰিছে, সেই ছাতিটোৱে সকলো মানুহক সমানে ছাঁ নিদিয়ে৷ ছাতি ধৰা মানুহে কাৰোবাক সামৰি লয় আৰু কাৰোবাক খেদি পঠিয়ায়৷ সময়ৰ শিকনি লৈ অগপৰ বহুসংখ্যক নেতাই সেয়ে নিজকে সলনি কৰিছে আৰু দলৰ পৰা আঁতৰিও গৈছে৷ থকাসকল জ্ঞাতে-অজ্ঞাতে দলীয় আদৰ্শৰ পৰা আঁতৰি অহাৰো অভিযোগ এতিয়া আৰু নতুন নহয়৷
অগপত যোগ দিয়াটোৱে সমীচিন আৰু সঠিক বুলি ভাবি সোণোৱাল এদিন আমবাৰীলৈ আহিছিল৷ আমবাৰীৰ পৰাই টিকট লৈ সোণোৱাল বিধায়কো হৈছিল৷ কিন্তু টিকিব নোৱাৰিলে৷ ইয়াৰ বাবে অৱশ্যে এজন বিশেষ নেতা বিশেষভাৱে জগৰীয়া বুলি অভিযোগ আছে৷ লবী-কেন্দ্ৰিক ৰাজনীতিত প্ৰতিভাই কেতিয়াও সন্মান নাপায়৷ সেয়া ৰাজনৈতিক দলেই হওক বা কোনো অনুষ্ঠান-প্ৰতিষ্ঠানেই হওক৷ যিবোৰ মানুহে লবী কৰে, সেই মানুহবোৰৰ প্ৰতিভা সাধাৰণতে কম৷ বিভিন্ন ছল-চাতুৰি কৰি এই মানুহবোৰে নিজক প্ৰাসংগিক কৰি ৰাখিবলৈ প্ৰতিভাসম্পন্ন মানুহবোৰক আঁতৰাই পঠিয়ায়৷ উদাহৰণ স্বৰূপে ক’ব পাৰি– অগপত এতিয়াও লবী-কেন্দ্ৰিক ৰাজনীতি কৰি আহিছে এচাম প্ৰতাৰকে৷ আমবাৰীত চলা এনেকুৱা আঁহফলা ৰাজনীতিত নিজকে টিকাই ৰখাটো সম্ভৱ নহ’ব বুলি নিশ্চিত হোৱাৰ পাছত সোণোৱালে অগপ এৰিবলৈ বাধ্য হৈছিল৷ অগপৰ নেতাসকলে জনা উচিত সোণোৱালৰ অগপ ত্যাগ আঞ্চলিক দলটোৰ বুৰঞ্জীত এক বিৰাট দুৰ্ভাগ্য হিচাপে চিহ্নিত হৈ থাকিব৷
কংগ্ৰেছলৈ যোৱাটো সোণোৱালৰ বাবে সম্ভৱ নাছিল৷ কিছু ক্ষেত্ৰত ৰাজনীতিৰ মিল থকা দেখি সোণোৱালে বিজেপিত যোগ দিছিল৷ বিজেপিত যোগ দিয়াটো সোণোৱালৰ ৰাজনৈতিক জীৱনৰ সঠিক সিদ্ধান্ত আছিল নে নাই, সেয়া আগন্তুক সময়ত বিশে¡ষণ নি(য় হ’ব৷
আদৰ্শগত কাৰণত যিসকল লোকে বিজেপিৰ ৰাজনীতিৰ বিৰোধ কৰি আহিছে, সেইসকলেও বহু ক্ষেত্ৰত বেয়াৰ মাজত সোণোৱালক উত্তম বুলি নক’লেও কম বেয়া হিচাপে চিহ্নিত কৰিছে৷ বিজেপিত যেতিয়া সোণোৱালে যোগ দিছিল, তেতিয়া অসমত দলটোৰ বিশেষ প্ৰভাৱ বুলিবলৈ নাছিলেই৷ দিল্লী-দিছপুৰত কংগ্ৰেছৰ দুখন শক্তিশালী চৰকাৰ৷ অসমত কংগ্ৰেছৰ বেলি মাৰ নাযাবই বুলি বহু মানুহৰ ধাৰণা হৈছিল৷ যিদৰে আজি দিল্লীত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ বেলি কেতিয়াও অস্ত নাযায় বুলি বহু মানুহে বিশ্বাস কৰিবলৈ লৈছে, ঠিক সেইদৰে কংগ্ৰেছৰ জয় জয়-ময় ময় অৱস্থাত পশ্চিম আকাশৰ ৰঙামুৱা বেলি কেতিয়াও দেখা নাপাব বুলি এটা ধাৰণাৰ জন্ম হৈছিল৷
সময়ে আচলতে কাক ক’লৈ নিয়ে, সেয়া আপুনি বা মই নিৰ্ধাৰণ কৰিব নোৱাৰোঁ৷ কোন পাহৰণিৰ গৰ্ভত লীন যায় আৰু কোন শ বছৰৰ পাছতো পাদপ্ৰদীপলৈ উঠি আহে, সেয়াও ৰাজনীতিত আগতীয়াকৈ কোনেও ক’ব নোৱাৰে৷ চিটিবাছত ঘূৰি ফুৰা শৰৎ চন্দ্ৰ সিংহ, ৰিক্সাত উঠি হেঙেৰাবাৰীৰ হাউছিং কলনিৰ পৰা গণেশগুৰিলৈ অহা গোলাপ বৰবৰা দেশ-বিদেশৰ বিশ্ববিদ্যালয়ত পঢ়ি থকা আজিৰ প্ৰজন্মৰ অসমীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে আলোচ্য বিষয় হ’ব পাৰে বুলিও তেওঁলোকক সন্মুখৰ পৰা দেখা প্ৰজন্মই ভবা নাছিল৷ আৰু ১৬-১৭খন গাড়ীৰ কনভয়ৰ মাজত ঘূৰা মুখ্যমন্ত্ৰীয়ে শৰৎ চন্দ্ৰ সিংহ, গোলাপ বৰবৰাৰ ত্যাগ আৰু সততা যে ভৱিষ্যৎ প্ৰজন্মই শ্ৰদ্ধাসহকাৰে স্মৰণ কৰিব, সেয়া কল্পনা কৰা নাছিল৷
সৰ্বানন্দ সোণোৱালে ৰিক্স লৈ বিজেপিত যোগ দি দলটোৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল৷ দলটোৰ কেন্দ্ৰীয় নেতৃত্বই যথেষ্ট আস্থা আৰু বিশ্বাসেৰে সোণোৱালক এই দায়িত্ব দি অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বিজেপিক ক্ষমতালৈ অনাৰ যুঁজ দিছিল সোণোৱালক সন্মুখত লৈ৷ এগৰাকী খিলঞ্জীয়া তথা জনজাতীয় নেতাৰ কান্ধত ভৰ দি বিজেপিয়ে উজনি-নামনি, বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকাত খোপনি পুতিলে৷ যিহেতু সোণোৱালৰ অতীত আছুৰ সৈতে প্ৰত্যক্ষভাৱে সম্পৰ্কিত, সেই সূত্ৰে অসমৰ খিলঞ্জীয়া তথা মূলসুঁতিৰ অসমীয়া মানুহে বিজেপিক প্ৰথমবাৰলৈ বিশ্বাসত লৈছিল৷ সোণোৱালৰ নেতৃত্বতে অসমত বিজেপিয়ে লোক সভাৰ নিৰ্বাচনত সাতখন আসন লাভ কৰি অভিলেখ স্থাপন কৰে৷ এইখিনিতে আমি ভুল কৰিলে নহ’ব যে কেৱল সোণোৱালৰ মুখলৈ চাই অসমৰ মানুহে বিজেপিক ভোট দিয়া নাছিল৷ ভাৰতৰ ৰাজনীতিত প্ৰথমবাৰলৈ নৰেন্দ্ৰ মোদীক আৱিষ্কাৰ কৰিছিল অসমৰ মানুহেও৷ মোদীক অসমৰ মানুহে সমৰ্থন কৰাৰ অৰ্থই আছিল বিজেপিক ক্ষমতালৈ অনা৷ ইয়াৰ বাবে মূলসুঁতিৰ অসমীয়াই ভুল কৰিলে নে ভাল কৰিলে, সেয়া বৰ্তমান সকলোৰে আলোচনাৰ বিষয়৷
অসমীয়া মানুহৰ জীৱনৰ অন্যতম পীড়া হৈছে বাংলাদেশ আৰু নেপালৰ পৰা হোৱা অবৈধ প্ৰব্ৰজন৷ এই প্ৰব্ৰজনে অসমীয়া মানুহৰ কিমান ক্ষতি কৰিছে, সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই৷ অগপ আৰু কংগ্ৰেছ দুয়োটা দল এই সমস্যা সমাধানত ব্যৰ্থ৷ দুয়োটা দলে এই সমস্যাৰ সমাধান কৰিব নোৱাৰে বুলি আওপকীয়াকৈ হাত দাঙিলে৷ ইয়াৰ সুযোগ নৰেন্দ্ৰ মোদীয়ে পূৰামাত্ৰাই গ্ৰহণ কৰিলে ২০১৪-ৰ লোক সভাৰ নিৰ্বাচনত৷ অসমীয়া মানুহৰ এই আৱেগ-অনুভূতি আৰু প্ৰব্ৰজনে ব্ৰহ্মপুত্ৰ-বৰাক উপত্যকাৰ মানুহৰ জীৱনলৈ অনা বিপৰ্যয়ৰ কথাখিনি কোনো প্ৰখৰ বুদ্ধিমত্তাসম্পন্ন ব্যক্তিয়ে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব তথা নৰেন্দ্ৰ মোদীক বুজাবলৈ সক্ষম হৈছিল৷ আজি অসমত যিসকলে বিজেপিত দপদপাই আছে, তেওঁলোক তেতিয়া কংগ্ৰেছৰ মাজহাড়সদৃশ৷ অসমীয়া মানুহে প্ৰব্ৰজনৰ বাবে কঢ়িয়াই লৈ ফুৰা শংকা আৰু সংশয়ৰ কথাখিনি নৰেন্দ্ৰ মোদীক সুন্দৰকৈ বুজাই দিয়া মানুহজন কিন্তু সৰ্বানন্দ সোণোৱালেই আছিল৷ এই কথা বহুতে নাজানে৷ ২০১৪ত পশ্চিম বংগত অনুষ্ঠিত নিৰ্বাচনী সভাত বিজেপিৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী নৰেন্দ্ৰ মোদীয়ে সেই বছৰৰ ১৬ মে’ৰ পাছত অবৈধ বাংলাদেশী নাগৰিকে দেশ এৰিবৰ বাবে টালি-টোপোলা বান্ধিব লাগিব বুলি কৈছিল৷ এই এটা সংলাপে অসমত তোল-পাৰ লগালে৷ সংবাদ মাধ্যমত ব্যাপকভাৱে ইয়াৰ আলোচনা হ’ল৷ অসমীয়া মানুহে স্বস্তিৰ নিশ্বাস পেলাই মোদীক প্ৰধানমন্ত্ৰী কৰিবৰ বাবেই বিজেপিক ভোট দিলে৷
২০১৬-ত বিজেপিয়ে অসমত অনায়াসে চৰকাৰ গঠন কৰি সৰ্বানন্দ সোণোৱালকে মুখ্যমন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰিলে৷ সোণোৱাল পাঁচ বছৰ মুখ্যমন্ত্ৰী হৈ থাকিল৷ এই পাঁচ বছৰত সোণোৱালে অসমৰ এই মূল সমস্যাটো সমাধানৰ বাবে একো নকৰিলে৷ নকৰাৰ বাবেই এই সমস্যাটোকে নতুন ৰূপত পেকেজিং কৰি বাৰে বাৰে অসমৰ মানুহৰ সন্মুখত তুলি ধৰা হৈছে৷ অবৈধ প্ৰব্ৰজনকাৰীৰ ভয় দেখুওৱাৰ লগতে দেশ স্বাধীন হোৱাৰ পাছত বাংলাদেশৰ পৰা হোৱা প্ৰব্ৰজনকাৰী মুছলমানসকলক অসমীয়াৰ সন্মুখত আতংক হিচাপে দেখুওৱাৰ চেষ্টা চলিছে৷ ই আজি অসমৰ ৰাজনীতিৰ মূল চালিকা শক্তি হৈও পৰিছে৷ ইয়াৰ বাবে কংগ্ৰেছ যিদৰে দায়ী, সেইদৰে সোণোৱালো দায়ী৷
অবৈধ প্ৰব্ৰজন আৰু অসমৰ সমাজ জীৱনত হোৱা ইয়াৰ আগ্ৰাসনৰ বাবে কংগ্ৰেছ চৰকাৰ সম্পূৰ্ণ জগৰীয়া৷ কংগ্ৰেছ নেতৃত্বই ক’ৰবাত প্ৰব্ৰজনকাৰীৰ পক্ষ লোৱা বুলি অসমীয়া মানুহে অনুভৱ কৰিছিল৷ তদুপৰি, তৰুণ গগৈ চৰকাৰৰ ১৫ বছৰীয়া কাৰ্যকালত একাংশ মন্ত্ৰীৰ আচৰণে জনতাক তিতা লগাইছিল৷ যিদৰে আজিৰ অসম চৰকাৰখনৰ দুই-চাৰিজন মন্ত্ৰী আৰু বিধায়কৰ অহংকাৰ মিশ্ৰিত কথা-বতৰা আৰু শাৰীৰিক ভাষাই জনতাক ভিতৰি ভিতৰি অতিষ্ঠ কৰি তুলিছে৷ তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কেতবোৰ কথা-বতৰাই চৰকাৰখন যে অবৈধ বাংলাদেশী প্ৰব্ৰজনকাৰীৰ প্ৰতি নৰম, সেয়া জাতি-জনগোষ্ঠী, বিশেষকৈ খিলঞ্জীয়া মানুহে বিশ্বাস কৰিবলৈ লৈছিল৷ কংগ্ৰেছৰ এই ধৰণৰ কথা-বতৰা আৰু আচৰণেই সাধাৰণ নাগৰিকক বিজেপিমুখীও কৰি তুলিছিল৷ এয়া সত্য৷
সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হোৱাৰ পাছত অসমৰ প্ৰব্ৰজনৰ জীয়া জুইকুৰা নুমুৱাবৰ বাবে কোনো ধৰণৰ পদক্ষেপ নোলোৱাটো আছিল অত্যন্ত বেদনাদায়ক আৰু জাতীয় জীৱনৰ বাবে ক্ষতি৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ হোৱাৰ পাছতো সোণোৱালে পাঁচ বছৰত এই বিষয়ত কোনো ধৰণৰ পদক্ষেপেই নল’লে কিয়? সোণোৱালৰ কাৰ্যকাল তুলনামূলকভাৱে বাক স্বাধীনতা আৰু সংবাদ মাধ্যমৰ বাবে অনুকূল আছিল৷ যদিও তৰুণ গগৈৰ ১৫ বছৰীয়া কাৰ্যকাল অসমৰ সংবাদ মাধ্যমৰ স্বাধীনতাৰ সোণালী যুগ বুলি চিহ্নিত হৈছে৷
সৰ্বানন্দ সোণোৱালক অসমৰ মানুহে যিকেইটা কাৰণত ভাল পাইছিল, তাৰ অন্যতম আছিল মাৰ্জিত আৰু সাংস্কৃতিকসুলভ আচৰণ৷ কিন্তু তেওঁ যে দক্ষ মুখ্যমন্ত্ৰী, সেয়া পাঁচ বছৰত সুযোগ পায়ো প্ৰমাণ কৰিব নোৱাৰিলে৷ এগৰাকী খিলঞ্জীয়া তথা জনগোষ্ঠীয় নেতা হৈ অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ সোণোৱালৰ নাছিল কোনো তৎপৰতা৷ সোণোৱালৰ দিনতে ‘কা’-বিৰোধী আন্দোলন তুংগত উঠিছিল৷ পাঁচজন যুৱকক নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ বুৰঞ্জীত লিপিবদ্ধ হৈছে৷ সেই সময়ত পুলিচ বিষয়া কোন আছিল, সেয়া যিমান গুৰুত্বসহকাৰে ভৱিষ্যতলৈ আলোচিত হ’ব, তাতকৈ অধিক গুৰুত্বসহকাৰে আলোচিত হ’ব সোণোৱালৰ নাম৷ কাৰণ অসমৰ গৃহ বিভাগৰ মন্ত্ৰীও আছিল সোণোৱালেই৷
আজি নৰেন্দ্ৰ মোদীৰ আগ্ৰহৰ বাবে সোণোৱাল কেন্দ্ৰীয় চৰকাৰৰ এগৰাকী দায়িত্বশীল কেবিনেট মন্ত্ৰী৷ কেন্দ্ৰীয় মন্ত্ৰীসভাত অমিত শ্বাহ, নিৰ্মলা সীতাৰমণ, পীয়ূষ গোৱেল আদিৰ যি গুৰুত্ব, সোণোৱালৰো সমানেই গুৰুত্ব৷ কিন্তু ভাৰতবৰ্ষৰ ৰাজনীতি আৰু ১৪০ কোটি ভাৰতীয়ৰ মাজত সোণোৱালে নিজৰ যোগ্যতা আৰু দক্ষতা কিমান দূৰ প্ৰতিপন্ন কৰিব পাৰিছে, সেয়া এক গুৰুত্বপূৰ্ণ প্ৰশ্ন৷ বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী নহ’লেও সোণোৱালে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আৰু অসম চুক্তিৰ ছয় নং দফা অনুসৰি খিলঞ্জীয়াৰ বাবে সাংবিধানিক ৰক্ষা কৱচৰ বিষয়টো প্ৰধানমন্ত্ৰীৰ সৈতে মুখামুখিকৈ বহি আলোচনা কৰাৰ আগ্ৰহ কৰা নাই কিয়? জনজাতিকৰণৰ দাবী কৰা ছয় জনগোষ্ঠীৰ নেতাসকলৰ লগতে সাংবিধানিক ৰক্ষাকৱচৰ বাবে বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদনখন ৰূপায়ণৰ বাবে আগভাগ ল’বলৈ কোনে সোণোৱালক অনুৰোধ কৰিব লাগে? কেইটা বন্দৰ স্থাপন কৰিলে, কেইখন জাহাজ চলিছে তাৰ হিচাপ কোনেও নকৰে৷ যিদৰে উৰণ সেতু, প্ৰতিমূৰ্তি নিৰ্মাণে এটা জাতিৰ ভৱিষ্যৎ সুৰক্ষিত কৰিব নোৱাৰে, সেইদৰে সোণোৱালে বন্দৰ, জাহাজক লৈ অসমত যি ধৰণে তৎপৰ নহওক, সেইটোৱে খিলঞ্জীয়া মানুহক ৰাজনৈতিক নিৰ্ণায়ক শক্তি হিচাপে প্ৰতিপন্ন নকৰে৷
এজন ভদ্ৰলোক আৰু সাধাৰণতে আনক তুচ্ছ-তাচ্ছিল্য কৰিব নোৱৰা আচৰণৰ ব্যক্তি সৰ্বানন্দ সোণোৱাল৷ এয়া তেওঁৰ জীৱনৰ অলংকাৰ৷ এই অলংকাৰ ধন, টকা-পইচাৰে কিনি কোনোৱে পিন্ধিব নোৱাৰে৷ এই অলংকাৰ কৃচ্ছ্ৰ সাধনাৰ জৰিয়তেহে আহৰণ কৰিব পাৰি৷
সাধাৰণ মানুহৰ মাজত সোণোৱালৰ আদৰ এতিয়াও আছে৷ কিন্তু সোণোৱালে বিগত সময়ত এনেকুৱা কিছুমান মানুহেৰে পৰিৱেষ্টিত হৈ থাকিল, যিবোৰ মানুহে ঘনাই ৰং সলায়৷ ৰং সলোৱাৰ পাছতহে এই মানুহবোৰ সোণোৱালে চিনিছে৷ সেইবোৰ মানুহ এদিন তৰুণ গগৈ, পাছত সোণোৱাল আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ পিছে পিছে দৌৰি আছে৷ অৱশ্যে, হিমন্ত বিশ্ব শৰ্মাই সোণোৱালতকৈ আগতে এই মানুহ চিনি থৈছে৷ কোনে ঠিকাৰ কাৰণে, কোনে বদলি, পদোন্নতি আৰু কোনে তেওঁৰ কাষত থাকি ৰাজনীতিৰ জখলাত উঠিব বিচাৰে– তেওঁলোকক হিমন্ত বিশ্ব শৰ্মাই চিনি পায়৷ নৰেন্দ্ৰ মোদীৰ কাৰ্যকাল আৰু মাত্ৰ কেইটামান মাহ৷ যদি চৰকাৰ আকৌ আহে, তেতিয়ালৈ সোণোৱাল ৰ’বনে? কিয় বিগত সময়ত অসমৰ জনজাতিকৰণ আৰু সাংবিধানিক ৰক্ষাকৱচৰ বিষয়টো খিলঞ্জীয়াৰ স্বাৰ্থত অহাকৈ সোণোৱালে সমাধান কৰিবলৈ কোনো ধৰণৰ পদক্ষেপ নল’লে? এই প্ৰশ্ন আজি অসমীয়াৰ মুখে মুখে৷
[লেখক প্ৰাগ ডিজিটেলৰ সম্পাদক]
Share This