ডিজিটেল ডেস্ক : ভাৰত আৰু পাকিস্তানৰ মাজত ৪ দিনীয়া ভয়ংকৰ যুদ্ধৰ অৱসান ঘটাই কৰা যুদ্ধ-বিৰতিৰ বাবে কমেও ২১বাৰ কৃতিত্ব দাবী কৰিছে মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রম্পে। ৰাষ্ট্ৰপতি ট্রাম্পে শেহতীয়াকৈ পুনৰবাৰ কয় যে আমেৰিকাৰ সৈতে বাণিজ্য চুক্তিৰ দোহাই দি দুয়োখন দেশৰ মাজত তেওঁ যুদ্ধ-বিৰতি কৰোৱালে। পাকিস্তানে এই বিষয়ত তেওঁৰ প্রতি কৃতজ্ঞতা স্বীকাৰ কৰাৰ পৰিৱৰ্তে ভাৰতে তেওঁক কোনো ধৰণৰ কৃতজ্ঞতামূলক মন্তব্য নকৰাৰ বাবে ৰাষ্ট্ৰপতি ট্রাম্পে ইতিমধ্যে আক্ষেপ প্রকাশ কৰিছে।
ৰাষ্ট্ৰপতি ট্রাম্পে প্রায় ২১বাৰ ভাৰত-পাকিস্তানৰ যুদ্ধ-বিৰতিৰ বাবে কৃতিত্ব দাবী কৰাত এইবাৰ দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছ জাঙুৰ খাই উঠিছে। কংগ্ৰেছে মঙলবাৰে কয় যে ৰাষ্ট্ৰপতি ট্রাম্পে এইদৰে যুদ্ধ-বিৰতিৰ ক্ষেত্ৰত দাবী কৰা সত্ত্বেও দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বিষয়ত কিয় নীৰৱতা অৱলম্বন কৰি আছে। উল্লেখযোগ্য যে সোমবাৰে ৱাশ্বিংটনত শেহতীয়াকৈ ৰাষ্ট্ৰপতি ট্রাম্পে কয় যে ভাৰত-পাকিস্তানৰ মাজৰ ভয়ংকৰ যুদ্ধখন তেওঁ বন্ধ কৰিছিল। দুয়োখন দেশে যুদ্ধ কৰি থাকিলে ৱাশ্বিংটনে তেওঁলোকৰ সৈতে কোনো ধৰণৰ বাণিজ্য চুক্তি নকৰে বুলি কোৱাৰ পাছতহে ভাৰত-পাকিস্তানে যুদ্ধ-বিৰতি কৰিছিল বুলি ট্রাম্পে পুনৰবাৰ মন্তব্য কৰে। কংগ্ৰেছৰ যোগাযোগ বিভাগৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কয় যে যোৱা ৫৯ দিনত কমেও ২১বাৰ ৰাষ্ট্ৰপতি ট্রাম্পে ক'লে যে চাৰিদিনীয়া ভাৰত-পাকিস্তানৰ যুদ্ধ যোৱা মে' মাহত তেওঁ বন্ধ কৰিছিল। এই যুদ্ধখনে পাৰমাণৱিক যুদ্ধৰ দিশে গতি কৰিছিল বুলিও ট্রাম্পে কৈছিল। ৰমেশে কয় যে আমেৰিকাৰ বজাৰখন হেৰুওৱাৰ ভয়তেই ভাৰতে এই যুদ্ধ-বিৰতি কৰিছিল বুলি ৰাষ্ট্ৰপতি ট্রাম্পৰ ভাষ্যত ইতিমধ্যে প্রকাশ পাইছে। ৰাষ্ট্ৰপতি ট্রাম্পে ভাৰতৰ সৈতে বাণিজ্য চুক্তি অতি সোনকালে সম্পাদন কৰিব বুলি ভাৰতক টোপ দি আহিছে বুলি জয়ৰামে অভিযোগ কৰে। বিজেপিৰ এই ট্রাম্প-কাৰ্ডৰ বিষয়ে তেওঁৰেই জ্যেষ্ঠ সতীর্থ ঘনশ্যাম তিৱাৰীয়ে বৰ্ণনা কৰাৰ পাছতো কেতিয়া প্রধানমন্ত্রী মোদীয়ে এই বিষয়ত নীৰৱতা ভংগ কৰিব বুলি কংগ্ৰেছৰ সাধাৰণ সম্পাদকজনে প্রশ্ন কৰে।