ভাৰত-পাকিস্তানৰ ক্ৰিকেট মেচ হ'বই

dainik janambhumi August 10, 2025

ডিজিটেল ডেস্ক : ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা অব্যাহত আছে। এপ্রিলত পহলগামত ২৬জন পর্যটকক সন্ত্রাসবাদীয়ে হত্যা কৰে। ইয়াৰ পাছত ভাৰতে অপাৰেশ্যন সেন্দূৰৰ জৰিয়তে পাকিস্তানক সন্ত্রাসবাদী আক্রমণটোৰ প্ৰত্যুত্তৰ দিয়ে আৰু দেশখনত থকা সন্ত্রাসবাদীৰ ঘাটি ধ্বংস কৰে। সন্ত্রাসবাদী আক্রমণটোৰ পাছতে ভাৰতে পাকিস্তানৰ সৈতে সকলো ধৰণৰ সম্পৰ্ক ছেদ কৰে। ইয়াৰ পাছত এতিয়া এছিয়া কাপ ক্রিকেট প্রতিযোগিতাত ভাৰতে পাকিস্তানৰ সৈতে খেলাক লৈ বিভিন্ন পক্ষই প্রশ্ন উত্থাপন কৰিছে। 

ইয়াৰ মাজতে এমিৰাটছ ক্রিকেট ব'র্ডে প্রকাশ কৰিছে যে প্রতিযোগিতাত ভাৰত আৰু পাকিস্তানৰ মাজত মেচ অনুষ্ঠিত হোৱাটো নিশ্চিত। এই মেচখন ১৪ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱাৰ কথা। উল্লেখযোগ্য যে এছিয়া কাপৰ আয়োজক ভাৰত যদিও এইবাৰ প্রতিযোগিতাখন সংযুক্ত আৰব এমিৰাটছত অনুষ্ঠিত হ'ব। মন কৰিব লগীয়া যে ৱৰ্ল্ড চেম্পিয়নশ্বিপ অব্ লিজেণ্ডছত ভাৰতীয় দলে পাকিস্তানৰ বিৰুদ্ধে খেলিবলৈ অস্বীকাৰ কৰে আৰু ইয়াৰ ফলত দুখন মেচ বাতিল কৰা হয়। এনে অৱস্থাত এছিয়া কাপত ভাৰতে পাকিস্তানৰ সৈতে ক্রিকেট মেচ খেলাক লৈ দেশত বিভিন্ন পক্ষই প্রশ্ন উত্থাপন কৰিছে। প্রতিযোগিতাত ভাৰত আৰু পাকিস্তানে ১৪ ছেপ্টেম্বৰত খেলাৰ উপৰি ছুপাৰ-৪ আৰু ফাইনেলতো পৰস্পৰৰ মুখামুখি হোৱাৰ সম্ভাৱনা আছে।

 প্রতিযোগিতাখন আৰম্ভ হ'বলৈ এমাহতকৈ কম সময় বাকী আছে। এমিৰাট্‌ছ ক্রিকেট ব'ৰ্ডৰ চীফ অপাৰেটিং অফিচাৰ (চি অ' অ') শুভান আহমেদে কয় যে এছিয়া কাপত দুয়োটা দলে পৰস্পৰৰ বিৰুদ্ধে নেখেলাটোহে প্রায় অসম্ভৱ। আহমেদে কয়, 'মই আনুষ্ঠানিকভাৱে গেৰাণ্টি দিব নোৱাৰোঁ, কিন্তু ভাৰত আৰু পাকিস্তানে নেখেলাৰ কোনো আশংকা দেখা পোৱা নাই।' তেওঁ লগতে কয় যে এছিয়া কাপৰ তুলনা ৱর্ল্ড চেম্পিয়নশ্বিপ অব্ লিজেণ্ডছৰ দৰে ব্যক্তিগত প্রতিযোগিতাৰ লগত কৰিব নোৱাৰি, য'ত ভাৰতে লীগ পর্যায়ত আৰু ছেমি ফাইনেলত খেলিবলৈ অস্বীকাৰ কৰিছিল।' উল্লেখযোগ্য যে এছিয়া কাপ এইবাৰ টি-২০ ফর্মেটত অনুষ্ঠিত হ'ব। প্রতিযোগিতাৰ খেলসমূহ ডুবাই আৰু আবু ধাবিত অনুষ্ঠিত হ'ব। ডুবাইত ফাইনেলকে ধৰি ১১খন আৰু আবু ধাবিত ৮খন মেচ অনুষ্ঠিত হ'ব। প্রতিযোগিতাখন ৯-২৮ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব।

Share This