ডিজিটেল ডেস্ক: দেশৰ নিবনুৱাক কর্মসংস্থান দিবলৈ আড়ম্বৰপূৰ্ণভাৱে ৰোজগাৰ মেলা আয়োজন কৰি কেন্দ্ৰীয় চৰকাৰে সেই বিষয়ে ব্যাপকভাৱে প্ৰচাৰ চলাই থকাৰ মাজতে আহিছে এক উদ্বেগজনক তথ্য। কেন্দ্ৰীয় চৰকাৰৰ তথ্য মতে ২০২২ চনৰ ১৮ অক্টোবৰত আৰম্ভ কৰা ৰোজগাৰ মেলাৰ ২০২৬ চনৰ জানুৱাৰীত হোৱা অষ্টাদশ সংস্কৰণৰ সময়ত দেশত এনে মেলাৰ যোগেদি চাকৰি পোৱা তৰুণ-তৰুণীৰ সংখ্যা হৈছে প্রায় ১১ লাখ (১১.৩৯ লাখ)। তেনে সময়তে আজিম প্রেমজী বিশ্ববিদ্যালয়ে চলোৱা সমীক্ষাত প্রকাশ পাইছে চিন্তনীয় তথ্য।
বিশ্ববিদ্যালয়খনৰ প্ৰতিবেদন মতে দেশৰ ২০-ৰ পৰা ২৯ বছৰ বয়সীয়া ৬৩ নিযুত (৬.৩ কোটি) স্নাতকৰ ভিতৰত ১১ নিযুত বা ১.১ কোটি স্নাতক নিবনুৱা। কেৱল ক্ষুদ্র এটি অংশইহে স্নাতক লাভ কৰাৰ এবছৰৰ ভিতৰত সুস্থিৰ বেতনভোগী চাকৰি লাভ কৰে। 'ষ্টেট অব্ ৱর্কিং ইণ্ডিয়া' শীর্ষক এই প্রতিবেদন মতে নিজকে নিবনুৱা বুলি কোৱাৰ এবছৰৰ ভিতৰত মাত্র ৭ শতাংশ স্নাতকে স্থায়ী বেতনভোগী চাকৰি লাভ কৰে। প্ৰতিবেদনখনৰ মতে ১৫-২৫ বছৰীয়া বয়সৰ গোটত (এজ গ্রুপ) প্রায় ৪০ শতাংশ আৰু ২৫-২৯ বছৰীয়া বয়সৰ গোটত ২০ শতাংশ স্নাতক নিবনুৱা হৈ আছে। প্রতিবেদনখনৰ মতে, শেহতীয়া বছৰবোৰত স্নাতক নিবনুৱা বৃদ্ধিৰ কাৰণ হৈছে স্নাতকৰ সংখ্যা বৃদ্ধি পোৱাটো।
প্রতিবেদনৰ মতে, যোৱা দুটামান দশকত তৰুণ-তৰুণীৰ জনসংখ্যা বুজন পৰিমাণে বৃদ্ধি পাইছে আৰু তেনেদৰে উচ্চ শিক্ষাত নামভর্তিও। ফলত তৰুণ স্নাতকৰ সংখ্যা বৃদ্ধি পাইছে। প্রতিবেদনখনত কোৱা হৈছে, 'সেয়ে নিবনুৱাৰ সংখ্যা বৃদ্ধিৰ লগতে নিবনুৱা স্নাতকৰ সংখ্যাও বৃদ্ধি পাইছে- ২০২৩ চনত ২০-২৯ বছৰীয়া ৬৩ নিযুত (৬.৩ কোটি) স্নাতকৰ ভিতৰত ১১ নিযুত (১.১ কোটি) নিবনুৱা হৈ আছে।' প্রতিবেদনখনৰ মতে ২০০৪-০৫ বৰ্ষৰ পৰা ২০২৩ বৰ্ষৰ মাজত প্রতিবছৰে প্ৰায় ৫০ লাখ স্নাতক যোগ হৈছিল আৰু কেৱল ২৮ লাখমানেহে কর্মসংস্থান লাভ কৰিছিল।