ট্রাম্প-ইৰানৰ হুংকাৰ, প্ৰতি-হুংকাৰঃ হৰমুজ প্রণালীক লৈ ৬০ দেশৰ বৈঠক, ইৰানৰ পৰা উভতিল ১২০০ ভাৰতীয়

dainik janambhumi April 03, 2026

ডিজিটেল ডেস্ক: মধ্যপ্রাচ্যৰ যুদ্ধ প্ৰবল হৈ থকাৰ মাজতে ভাৰতৰ নাগৰিকৰ সুৰক্ষাৰ বিষয়ত পুনৰ আশ্বাস দি ইৰানে কয়, 'আমাৰ ভাৰতীয় বন্ধুসকল নির্ভয়ে আছে, কোনো চিন্তাৰ কাৰণ নাই।' যুদ্ধপীড়িত অঞ্চলটোৰ পৰা ভাৰতীয় নাগৰিকক দেশলৈ ওভতাই আনিবলৈ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰাৰ সময়তে ইৰানে এইদৰে কয়। 

বৃহস্পতিবাৰে ভাৰতত থকা ইৰানৰ তে দূতাবাসে সামাজিক মাধ্যম এক্সত এই আশ্বাসবাণী প্রকাশ কৰে। উক্ত প'ষ্টটোতে ইৰানে আৰু কয়, 'কেৱল ইৰান আৰু ওমানে হৰমুজ প্রণালীৰ ভৱিষ্যতৰ বিষয়ে সিদ্ধান্ত গ্রহণ কৰিব।' 

ইৰানৰ পৰা দেশলৈ উভতিল ১২০০ ভাৰতীয়, ইফালে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে বৃহস্পতিবাৰে জনায় যে মধ্যপ্রাচ্যত চলি থকা যুদ্ধৰ মাজতে প্রায় ১,২০০ ভাৰতীয়ক নিৰাপদে ইৰানৰ পৰা দেশলৈ ওভতাই অনা হৈছে। নতুন দিল্লীত বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে আর্মেনিয়া আৰু আজাৰবাইজানেদি ভাৰতীয়সকলক অনা হৈছে। জয়ছোৱালে জনোৱা মতে ওভতাই অনা ১২০০ ভাৰতীয়ৰ ভিতৰত ৮৪৫গৰাকী হৈছে শিক্ষার্থী। তেওঁ আৰু কয়, 'ইৰানৰ পৰা ৯৯৬জন আর্মেনিয়ালৈ গৈছিল আৰু ২০৪জন আজাৰবাইজানলৈ গৈছিল আৰু ভয়, তাৰ পৰা বিদেশ মন্ত্র্যালয়ে তেওঁলোকক দেশলৈ অহাত সহায় কৰে। আনহাতে, আমেৰিকা-ইজৰাইল আৰু ইৰানৰ মাজৰ যুদ্ধই দুমাহত সোমোৱাৰ সময়লৈকে পশ্চিম এছিয়া, মধ্যপ্রাচ্যৰ পৰা ৬ লাখতকৈ অধিক যাত্রী দেশলৈ উভতি আহিল।

Share This