ডিজিটেল ডেস্ক : মধ্যপ্রাচ্যত প্রায় ১.২৫ লাখ বছৰৰ পূৰ্বে মানৱ বসতিৰ তথা শেহতীয়াকৈ পুৰাতত্ত্ব বিভাগৰ গৱেষণা আৰু অনুসন্ধানত পোহৰলৈ আহিছে। সংযুক্ত আৰৱ আমীৰ শ্বাহীৰ শ্বাৰজাহৰ অন্তর্গত বুহাইত শিলাখণ্ডৰ মাজত পুৰণি কালত মানুহে বাস কৰা গাঁৱৰ তথ্য লাভকৰা হৈছে। আৰবৰ জনতাই পূর্বে বিশ্বাস কৰিছিল বুহাইছ শিলাখণ্ডৰ যোৱা ১২ হাজাৰৰ পৰা ৬০ হাজাৰ বছৰৰ পূৰ্বে সম্পূৰ্ণৰূপে মানৱ বসতিহীন আছিল।
কিন্তু সোমবাৰে 'নেচাৰ কমিউনিকেশ্যন' আলোচনীত প্রকাশ পোৱা গৱেষণালব্ধ অধ্যয়নৰ প্রতিবেদনে পূৰ্বৰ সকলো ধাৰণা, বিশ্বাসক মিছা প্রতিপন্ন কৰিলে। শ্বাৰজাহ পুৰাতত্ত্ব প্ৰাধিকৰণ (এছ এ এ)ৰ সঞ্চালক প্রধান আইচা ইউছিফ আৰু উপদেষ্টা ড° ছাবা জেছিনৰ তত্ত্বাৱধানত অক্সফ'র্ড ব্রোকছ বিশ্ববিদ্যালয়কে ধৰি কেইবাখনো বিশ্ববিদ্যালয়ৰ গৱেষকে বিষয়টোত গৱেষণামূলক অধ্যয়ন চলাইছিল।
গৱেষণাত পৌৰাণিক মানৱৰ আৱাসস্থল সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ তথা লাভ কৰা হয়। যি স্থানত কোনো দিন মানৱ বসতি নাছিল বুলি ধাৰণা কৰা হৈছিল, সেই বুহাইছ শিলাস্তৰত ১২৫০০০, ৫৯০০০, ৩৫০০০ আৰু ১৬ হাজাৰ বছৰ পূৰ্বে ভিন্ন সময়ত মানুহে বাস কৰিছিল বুলি বিভিন্ন পুৰাতাত্ত্বিক সমলৰ অধ্যয়নত প্রকাশ পাইছে।