দুমাহে পাৰস্য উপসাগৰত আবদ্ধ ১,৫০০ জাহাজ, ২০ হাজাৰ কৰ্মচাৰী, ইৰানে হৰমুজ প্রণালী অৱৰোধ কৰি ৰখাৰ পৰিণতি

dainik janambhumi May 09, 2026

ডিজিটেল ডেস্ক  : পাৰস্য উপসাগৰত প্ৰায় দুমাহ ধৰি আবদ্ধ হৈ আছে ১,৫০০ জাহাজ আৰু ২০,০০০ জাহাজৰ কৰ্মচাৰী। আমেৰিকা আৰু ইজৰাইলে ইৰানত আক্রমণ চলোৱাৰ পাছতে উপসাগৰীয় ৰাষ্ট্ৰখনে নিজৰ নিয়ন্ত্ৰণত থকা হৰমুজ প্রণালীৰে জাহাজ চলাচল বন্ধ কৰি দিয়ে। বিশ্ব বাণিজ্যিৰ অন্যতম গুৰুত্বপূৰ্ণ সাগৰীয় পথ হৰমুজ প্রণালী ইৰানে বন্ধ কৰি দিয়াত তেল-গেছ পৰিবাহী পাৰস্য জাহাজ সমূহ উপসাগৰতে আবদ্ধ হৈ পৰে। 

পৰৱৰ্তী সময়ত ইৰানে দেশখনৰ বন্ধু ৰাষ্ট্ৰসমূহৰ জাহাজসমূহ পাৰ হোৱাৰ অনুমতি দিয়ে যদিও বিশ্বৰ বেছিভাগ দেশৰ সামগ্ৰী পৰিবাহী জাহাজ পাৰস্য উপসাগৰতে আবন্ধ হৈ ৰৈছে। ৰাষ্ট্ৰসংঘৰ আন্তর্জাতিক সামুদ্রিক সংস্থা (আই এম অ')ৰ সচিব প্রধান আর্জেনিঅ' ড'মিনগেহে এই তথ্য প্রকাশ কৰি কয় যে মধ্য প্রাচ্যৰ যুদ্ধখনৰ ফলত ২০ সহস্রাধিক অসামৰিক নাৱিক সাগৰৰ মাজত ভয়ংকৰ পৰিস্থিতিত আবদ্ধ হৈ ৰৈছে। 

পানামাত অনুষ্ঠিত আমেৰিকাৰ এখন সামুদ্রিক অভিৱৰ্তনত ড'মিনগেহে এই তথ্য প্রকাশ কৰে। তেওঁ কয় যে আবদ্ধ হৈ থকাসকল হৈছে সাধাৰণ কৰ্মচাৰী আৰু তেওঁলোকে দৈনিক কাম কৰি পেট প্ৰৱৰ্তাই আহিছে। কিন্তু তেওঁলোকৰ নিয়ন্ত্রণত নথকা বিশ্বৰ ভূ-ৰাজনৈতিক পৰিস্থিতিৰ ফলত তেওঁলোক সাগৰৰ মাজত দিনৰ পছাত দিন আবদ্ধ হৈ থাকিব লগা হৈছে।

Share This