ভাৰতীয় বজাৰৰ পৰা উলিয়াই নিলে ১.৬ লাখ কোটি টকা, চলিত বর্ষত বিদেশী বিনিয়োগকাৰীৰ অভিলেখ

dainik janambhumi December 29, 2025

ডিজিটেল ডেস্ক : ভাৰতীয় শ্বেয়াৰ বজাৰ বিদেশী বিনিয়োগকাৰীৰ ক্ষেত্রত ২০২৫ বর্ষটো আটাইতকৈ দুৰ্বল বছৰ হিচাপে পৰিগণিত হৈছে। চলিত বর্ষত বিদেশী বিনিয়োগকাৰীয়ে ভাৰতীয় শ্বেয়াৰ বজাৰৰ পৰা ১.৬ লাখ কোটি টকা উলিয়াই নিয়ে। ভাৰতীয় বজাৰৰ পৰা বিদেশী বিনিয়োগকাৰীয়ে এবছৰত প্ৰথমবাৰৰ বাবে ইমান বৃহৎ পৰিমাণৰ ধন উলিয়াই নিয়ে। ইয়াৰ আগতে ২০২২ চনত বিদেশী বিনিয়োগকাৰীয়ে উলিয়াই নিয়া ধনৰ পৰিমাণ আছিল ১.২১ লাখ কোটি টকা। চলিত বছৰত এই সীমা অতিক্ৰম কৰা হয়। 

উল্লেখযোগ্য যে চলিত বছৰত আমেৰিকাৰ বণ্ডৰ পৰা পোৱা লাভ উচ্চ হাৰতে আছিল আৰু আমেৰিকাৰ সুতৰ হাৰ অধিক হোৱাৰ কাৰণে ইয়াত কোনোধৰণৰ শংকাৰ সন্মুখীন নোহোৱাকৈ অধিক লাভ আদায় কৰিব পাৰি। ইয়াৰ ফলত বিশ্ব পৰ্যায়ত বৃহৎ পৰিমাণৰ পুঁজি উদীয়মান বজাৰসমূহৰ পৰা উলিয়াই উন্নত দেশবোৰত বিনিয়োগ কৰিবলৈ লোৱা হৈছে। ইয়াৰ লগতে ডলাৰৰ মূল্যও উচ্চ হৈ আছে। ইয়াৰ ফলত ভাৰতৰ দৰে বজাৰত বিনিয়োগ কৰিলে ডলাৰৰ হিচাপত লাভৰ অংশ হ্রাস পায়। ভাৰতত ডলাৰৰ তুলনাত টকাৰ মূল্য অহৰহ হ্রাস পোৱাটোৱে বিনিয়োগকাৰীৰ বাবে উদ্বেগ সৃষ্টি কৰিছে। ইয়াৰ লগতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ শুল্ক নীতিয়ে যোগান শৃংখলাক প্ৰভাৱিত কৰাৰ আশংকা, বিশ্বৰ বজাৰত সৃষ্টি কৰা অনিশ্চয়তা তথা বিশ্বৰ ভুৰাজনৈতিকৰ পৰিস্থিতি আদি বিভিন্ন কাৰণত বিনিয়োগকাৰীসকল সতর্ক হৈ পৰে। ফলত তেওঁলোকে ভাৰতৰ দৰে দেশৰ বজাৰত নিজৰ বিনিয়োগৰ পৰিমাণ হ্রাস কৰিবলৈ লয়। আনহাতে, চলিত বছৰত ভাৰতীয় শ্বেয়াৰ বজাৰত কেইবাটাও কোম্পানীৰ শ্বেয়াৰৰ মূল্য বৃহৎ হাৰত বৃদ্ধি পায়। এনে অৱস্থাত বিদেশী বিনিয়োগকাৰীয়ে অধিক লাভৰ সুযোগ আদায় কৰে। 

চলিত বছৰৰ আঠ মাহতেই বিদেশী বিনিয়োগকাৰীয়ে ভাৰতীয় বজাৰৰ পৰা ধন উলিয়াই নিয়ে। জানুৱাৰী মাহত প্রায় ৭৮ হাজাৰ কোটি টকা উলিয়াই নিয়ে। অৱশ্যে বিদেশী বিনিয়োগকাৰীয়ে বৃহৎ পৰিমাণৰ ধন ভাৰতীয় বজাৰৰ পৰা উলিয়াই নিলেও বজাৰত বিশেষ প্রভাৱ নপৰিল। ইয়াৰ প্ৰধান কাৰণ হ'ল ঘৰুৱা বিনিয়োগকাৰীয়ে বৃহৎ পৰিমাণৰ ধন বিনিয়োগ কৰাটো। ইফালে বিদেশী বিনিয়োগকাৰীয়ে শ্বেয়াৰ বজাৰৰ পৰা ধন উলিয়াই নিয়ে যদিও ঋণৰ বজাৰত প্ৰায় ৫৯ হাজাৰ কোটি টকা বিনিয়োগ কৰে। ভাৰত গ্ল'বেল বণ্ড ইণ্ডেক্সত চামিল হোৱা আৰু উচ্চ সুতৰ হাৰে বিদেশী বিনিয়োগকাৰীক আকৰ্ষিত কৰে।

Share This