'অপাৰেশ্যন সেন্দূৰ'ত নিহত সন্ত্ৰাসবাদীৰ পৰিয়াললৈ ১ কোটিকৈ ক্ষতিপূৰণ

dainik janambhumi May 14, 2025

ডিজিটেল ডেস্ক : পাকিস্তানৰ সন্ত্রাসবাদীৰ প্ৰতি থকা প্রীতি পুনৰ পোহৰলৈ আহিছে। 'অপাৰেশ্যন সেন্দূৰ'ত নিহত হোৱা সন্ত্রাসবাদীৰ শেষকৃত্য অনুষ্ঠানত পাকিস্তানী সেনাৰ শীৰ্ষ পৰ্যায়ৰ বিষয়া তথা ৰাজনৈতিক নেতাই অংশগ্ৰহণ কৰাৰ ফটো সমগ্র বিশ্বই দেখা পালে। ইয়াৰ পাছতো দেশখনে সন্ত্রাসবাদৰ পৃষ্ঠপোষকতা কৰিবলৈ এৰা নাই।

পাকিস্তান চৰকাৰে শেহতীয়াকৈ কৰা এটা ঘোষণাৰ পৰা জানিব পৰা মতে, চৰকাৰে 'অপাৰেশ্যন সেন্দূৰ'ৰ সময়ত নিহত শতাধিক সন্ত্রাসবাদীৰ পৰিয়াললৈ এক কোটি টকাকৈ ক্ষতিপূৰণ দিব। টিভি ৯কে ধৰি কেইবাটাও সংবাদ মাধ্যমে প্রকাশ কৰা এটা বাতৰিত পাকিস্তানৰ সংবাদ মাধ্যমৰ উদ্ধৃতি দি এই তথ্য প্রকাশ কৰে। পাকিস্তান চৰকাৰে কৰা ঘোষণা অনুসৰি এতিয়া দুর্ধর্ষ সন্ত্রাসবাদী মাছুদ আজহাৰে পাকিস্তান চৰকাৰৰ পৰা প্ৰায় ১৪ কোটি টকা লাভ কৰিব।

উল্লেখযোগ্য যে 'অপাৰেশ্যন সেন্দূৰ'ৰ সময়ত পাকিস্তানত থকা সন্ত্রাসবাদীৰ ৯টা ঘাটি বিধ্বস্ত কৰা হৈছিল। ইয়াৰ ভিতৰত বাহালপুৰত থকা আজহাৰৰ সন্ত্রাসবাদী সংগঠন কুখ্যাত জৈছ-ই-মহম্মদৰ মুখ্য কার্যালয়ো আছে। আক্রমণটোত আজহাৰৰ পৰিয়ালৰ লোকৰ লগতে সন্ত্রাসবাদীটোৰ সৈতে সম্পর্ক থকা ১৪টা সন্ত্রাসবাদী নিহত হয়। সেয়েহে আজহাৰে ১৪ কোটি টকা লাভ কৰিব বুলি বাতৰিটোত কোৱা হৈছে।

Share This