ডিজিটেল ডেস্ক : ইৰানৰ তদানীন্তন সর্বোচ্চ নেতা প্রয়াত আয়াতুল্লা আলী খামেনেইৰ শেষ যাত্রা সমদল সোমবাৰে পুৱাই আৰম্ভ হয়। তেহৰানৰ ইমাম হুছেইন স্কোৱেৰত ৰাষ্ট্ৰীয় সংগীতেৰে আৰম্ভ হোৱা এই শেষ যাত্রাত খামেনেইৰ তিনি পুত্ৰ মাছুদ, মেইছাম আৰু মুস্তাফাই অংশগ্ৰহণ কৰে। কিন্তু অনুষ্ঠানটোত বৰ্তমানৰ সৰ্বোচ্চ নেতা মুজতবা খামেনেইক দেখা নগ'ল। দেশখনৰ অন্যান্য শীর্ষ নেতৃত্বইও খামেনেইৰ শেষ যাত্ৰাত অংশ লয়। তেহৰানৰ মূল পথসমূহেৰে খামেনেইৰ নশ্বৰ দেহ কঢ়িয়াই নিয়া হয়।
দেশখনৰ ৰাজধানীৰে প্ৰয়াত সর্বোচ্চ নেতাজনৰ শৱদেহ কঢ়িয়াই নিয়াৰ সময়ত লাখ লাখ লোক পথলৈ ওলাই আহি সমদলত ভাগ লয়। প্রায় ১০ কিল 'মিটাৰজোৰা এই সমদলত ভাগ লোৱা শশ লোকে প্রিয় নেতাজনৰ শেষ যাত্রাত কান্দোনত ভাগি পৰে। শেষ যাত্ৰাত ভাগ লোৱাৰ বাবে নিচেই পুৱাৰে পৰা তেহৰানৰ ৰাজপথত হাজাৰ হাজাৰ লোক গোট খায়। এই লোকসকলে আমেৰিকা আৰু ইজৰাইলৰ পতন কামনা কৰি শ্ল'গান দিয়ে। ইফালে, আমেৰিকাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বিশ্বৰ ১৩খন দেশে আলী খামেনেইৰ শেষকৃত্য অনুষ্ঠানত অংশ নোলোৱাৰ সিদ্ধান্ত লৈছে।
ইৰানৰ সংবাদ মাধ্যমৰ তথ্য অনুসৰি মার্কিন বিদেশ সচিব মার্কো ৰুবিঅ'ই বিশ্বৰ কেইবাখনো দেশক এই শেষকৃত্য অনুষ্ঠানত ভাগ নোলোৱাৰ বাবে কূটনৈতিকভাৱে হেঁচা দিয়ে। তাৰ পাছতেই ইউৰোপ, আফ্রিকা, পাৰস্য উপসাগৰীয় অঞ্চলকে ধৰি বিশ্বৰ কেইবাটাও অঞ্চলৰ ১৩খন দেশে শেষকৃত্যত ভাগ নোলোৱাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰে। আনহাতে, দেওবাৰে নিশা তেহৰানৰ গ্ৰেণ্ড মোচালাত অনুষ্ঠিত এটা অনুষ্ঠানত অংশ লোৱা জনতাই মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্প আৰু ইজৰাইলৰ প্রধানমন্ত্রী নেটান্যাহুক হত্যাৰ দাবী উত্থাপন কৰে।