ডিজিটেল ডেস্ক : সংসদৰ আগন্তুক শীতকালীন অধিৱেশনত পাৰমাণৱিক শক্তি বিধেয়ককে ধৰি ১০খন নতুন বিধেয়ক উত্থাপন কৰা হ'ব। লোক সভাৰ বুলেটিনে শনিবাৰে এই কথা জনায়।
পাৰমাণৱিক শক্তি বিধেয়ক গৃহীত হ'লে ব্যক্তিগত খণ্ডৰ কোম্পানীক পাৰমাণৱিক শক্তি প্রকল্প স্থাপনৰ অনুমতি লাভ কৰিব। এই অধিৱেশনত উত্থাপন হ'বলগীয়া দ্বিতীয়খন গুৰুত্বপূৰ্ণ বিধেয়ক হৈছে 'ভাৰতৰ উচ্চ শিক্ষা আয়োগ বিধেয়ক।' এই বিধেয়কত ইউ জি চি, এ আই চি টি ই, এন চি টি ইৰ দৰে পৃথক পৃথক সংস্থাৰ অন্ত পেলাই একেখন আয়োগত সংযোগ কৰা হ'ব।
উল্লেখযোগ্য যে অহা ১ ডিচেম্বৰৰ পৰা সংসদৰ শীতকালীন অধিৱেশন আৰম্ভ হ'ব আৰু ই ১৯ ডিচেম্বৰত অন্ত পৰিব। গুৰুত্বপূৰ্ণ বিধেয়কৰ ভিতৰত 'ৰাষ্ট্ৰীয় ঘাই পথ (সংশোধন) বিধেয়কো আছে। এই বিধেয়ক গৃহীত হ'লে ভূমি অধিগ্ৰহণৰ প্রক্রিয়া দ্রুততৰ হ'ব।