৩৫খন জিলা, ৩৯খন সমজিলালৈ ১০০ কোটি

dainik janambhumi May 22, 2025

ডিজিটেল ডেস্ক : বাৰিষা আগমনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনত সম্ভাব্য বান পৰিস্থিতিৰে মোকাবিলাৰ বাবে প্রস্তুতি প্রায় সম্পূৰ্ণ কৰিছে ৰাজ্য চৰকাৰে। সেই অনুসৰি আসন্ন বাৰিষাৰ সময়ছোৱাত সম্ভাব্য যিকোনো পৰিস্থিতিৰে মোকাবিলা কৰিব পৰাকৈ ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগে বুধবাৰে জিলা আৰু সমজিলাসমূহলৈ ১০০ কোটি টকাৰ আগতীয়া বান সাহায্য পুঁজি মুকলি কৰি দিয়ে। বুধবাৰে সাংবাদিকৰ আগত এই কথা সদৰী কৰে ৰাজ্যৰ ৰাজহ আৰু দুর্যোগ ব্যবস্থাপনা মন্ত্রী কেশৱ মহন্তই। 

দেৰগাঁওস্থিত লাচিত বৰফুকন আৰক্ষী একাডেমিত হোৱা কেবিনেট বৈঠকৰ পাছত সাংবাদিকৰ আগত বিভাগীয় মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰা মতে ৰাজ্যৰ ৭৪খন জিলা-সমজিলাত বান পৰিস্থিতি ক্ষিপ্ৰতাৰে মোকাবিলাৰে জনসাধাৰণক তাৎক্ষণিক সকাহ দিব পৰাকৈ এই আগতীয়া বান-সাহায্য পুঁজি আগবঢ়োৱা হৈছে। মন্ত্রী মহন্তই কয়, ইতিমধ্যে বর্ষাকাল আৰম্ভ হ'বলৈ লোৱাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ ফালৰ পৰা ৩৫খন জিলা আৰু ৩৯ খন সমজিলালৈ আজি আগতীয়া বান সাহায্যৰ ধন মোকলাই দিয়া হৈছে। প্ৰতিগৰাকী জিলা আয়ুক্ত আৰু সমজিলা আয়ুক্তই এইবাৰৰ বাৰিষাৰ সময়ছোৱাত নিজ নিজ জিলা-সমজিলাত জৰুৰী বান প্ৰতিৰোধ কাৰ্য বা উদ্ধাৰ আৰু সাহায্য অভিযান চলোৱাত যাতে কোনো অসুবিধাত নপৰে, তাৰ বাবেই আগতীয়াকৈ তেওঁলোকৰ অধীনত এই পুঁজি জমা হৈ থকাৰ ব্যৱস্থা কৰা হৈছে। 

দুর্যোগ ব্যৱস্থাপনা বিধি অনুসৰি আৰু বিগত বর্ষসমূহত জিলাসমূহে সন্মুখীন হোৱা বান পৰিস্থিতিৰ অভিজ্ঞতাৰ আধাৰত জিলা আৰু সমজিলাসমূহৰ মাজত ভাগে ভাগে আগতীয়া বান সাহায্য বিতৰণ কৰা বুলি বিভাগীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। সমাগত বাৰিষাকালৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰৰ ফালৰ পৰা দুর্যোগ ব্যৱস্থাপনাৰে জড়িত সকলো চৰকাৰী বিভাগ, এজেঞ্চি আৰু প্ৰতিখন জিলা প্রশাসনকে সম্পূৰ্ণ সষ্টম কৰি তোলা হৈছে বুলিও তেওঁ জনায়।

Share This