ডিজিটেল ডেস্ক: ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত গুৱাহাটীত অনুষ্ঠিত এডভান্টেজ আছাম ২.০৩ অংশগ্রহণ কৰি দেশ-বিদেশৰ বিভিন্ন উদ্যোগপতিয়ে অসমত প্রায় ৫ লাখ কোটি টকাৰো অধিক বিনিয়োগৰ প্রতিশ্রুতি দিছিল। প্রতিশ্রুতি অনুসৰি বুজাবুজি চুক্তি স্বাক্ষৰিত প্ৰকল্পসমূহৰ ৬০ শতাংশ ইতিমধ্যে বিভিন্ন পর্যায়ত ৰূপায়ণৰ কাম চলি আছে। এই কথা প্রকাশ কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই।
মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে ইতিমধ্যে বহুকেইটা বিনিয়োগ প্রতিশ্রুতি কাৰ্যকৰীকৰণো হৈছে। সামগ্রিকভাৱে বিনিয়োগসমূহ সম্পূর্ণ বাস্তৱায়িত হ'লে নিশ্চিতকৈ এয়া অসমৰ বাবে যুগান্তকাৰী পদক্ষেপ হিচাপে বিবেচিত হ'ব।'
উল্লেখযোগ্য যে এডভান্টেজ আছাম ২.০ত অংশগ্রহণ কৰি বিনিয়োগৰ প্রতিশ্রুতি দিয়া বিনিয়োগকাৰীসকলৰ সৈতে অহা মাহত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা এক বৈঠকত মিলিত হ'ব যাতে প্রকল্পসমূহৰ কাম সোনকালে বাস্তৱায়িত হয়। ইফালে আজি মুখ্যমন্ত্ৰীগৰাকীয়ে আগন্তুক সময়ত ৰাজ্য চৰকাৰে ৰূপায়িত কৰিব লগীয়া কিছু কামৰ ৰূপৰেখাও ৰাজহুৱা কৰে। তেওঁ কয়, 'প্রধানমন্ত্রী গ্রামচড়ক যোজনাৰ অধীনত অসমত চলিত ২০২৬-২৭ বিত্তীয় বর্ষত ১০০৮ কিল'মিটাৰ পথ আৰু ৪৫খন দলং নিৰ্মাণৰ লক্ষ্য নির্ধাৰণ কৰিছে। অসমক সুচল যাতায়াতেৰে সমৃদ্ধ তথা আন্তঃগাঁথনিৰ দিশৰ পৰা দেশৰ ভিতৰতে অন্যতম শক্তিশালী এখন ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে এই সিদ্ধান্ত লৈছে বুলিও কয় ড° শৰ্মাই।
মন কৰিব লগীয়া কথা যে শপত গ্ৰহণৰ পাছত বিভিন্ন বিভাগৰ সৈতে ইখনৰ পাছত সিখনকৈ বৈঠকত মিলিত হৈছে মুখ্যমন্ত্ৰীগৰাকী। কালি তেওঁ স্বাস্থ্য আৰু চিকিৎসা শিক্ষা বিভাগৰ সংশ্লিষ্ট বিষয়ববীয়াসকলৰ সৈতে এখন বিশেষ পর্যালোচনা বৈঠকত মিলিত হয়। উক্ত বৈঠকত প্রতিখন চিকিৎসা মহাবিদ্যালয়তে একোখনকৈ বি এছ চি নাৰ্ছিং কলেজ স্থাপনৰ পৰিকল্পনা কৰা হয়। অসমত প্রয়োজনীয় অসমীয়া নাৰ্ছৰ অভাৱৰ কথা ব্যক্ত কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই অভাৱ বহিঃৰাজ্যৰ পৰা অহা নাৰ্ছসকলে পূৰণ কৰিব লগীয়া হৈছে।
আনহাতে, অসমত বি এছ চি নাৰ্ছিং কলেজ স্থাপন হ'লে ইয়াত শিক্ষাগ্রহণ কৰা শিক্ষাৰ্থীসকলে অসমৰ বাহিৰতো কৰ্ম সংস্থাপনৰ সুবিধা লাভ কৰিব। বৈঠকত ৰবটিক অস্ত্রোপচাৰ আৰু বৃক্ক সংৰোপণ সুবিধাৰ সম্প্ৰসাৰণ, স্বাস্থ্য সুৰক্ষা আৰু চিকিৎসা সম্পর্কীয় তথ্য বিশ্লেষণত কৃত্রিম বুদ্ধিমত্তাৰ ব্যৱহাৰ বৃদ্ধি, NABH আৰু NABL মান্যতা আৰু মান বৃদ্ধিৰ পদক্ষেপ, স্বাস্থ্য সুৰক্ষা আঁচনিৰ অধীনত ২.৩১ কোটিতকৈ অধিক নাগৰিকলৈ আয়ুষ্মান কাৰ্ডৰ সুবিধা, পথ দুৰ্ঘটনাৰ ভুক্তভোগীৰ বাবে PM-RAHAT-ৰ অধীনত ১.৫ লাখ টকাপর্যন্ত সহায়, অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ অধীনত ৪খন কৰ্কট ৰোগৰ চিকিৎসালয় নির্মাণাধীন, ASSIST প্রকল্প আৰু কেঞ্চাৰৰ বিৰুদ্ধে উন্নত আৰু ফলপ্রসূ চিকিৎসাৰ সম্প্ৰসাৰণ আদি বিষয়ৰো বৈঠকত বিস্তৃতভাবে আলোচনা কৰি সিদ্ধান্ত লোৱা হয়।
উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীগৰাকীয়ে কালি গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ এখন পর্যালোচনা বৈঠকত গুৱাহাটী পৌৰ নিগম, গুৱাহাটী মহানগৰ উন্নয়ন কর্তৃপক্ষ, গুৱাহাটী জল ব'ৰ্ড আৰু অশ্রুট আদি সংস্থাসমূহৰ বিভিন্ন উন্নয়নমূলক আঁচনি আৰু কাৰ্যসূচীৰ খতিয়ান লয়। গুৱাহাটীকে ধৰি ৰাজ্যৰ চহৰসমূহৰ প্ৰতিগৰাকী নাগৰিকৰ সুবিধা সুনিশ্চিত কৰি বিশুদ্ধ খোৱাপানী, কৃত্রিম বান ব্যৱস্থাপনা, অনাময় আদি গুৰুত্বপূৰ্ণ বিষয়সমূহক অগ্রাধিকাৰ দিবলৈ সংস্থাসমূহক তেওঁ নির্দেশ দিয়ে। মুখ্যমন্ত্রীয়ে লগতে সংশ্লিষ্ট কর্তৃপক্ষক গুৱাহাটীক দেশৰ ভিতৰতে এখন অন্যতম আধুনিক আৰু সৰ্বাংগসুন্দৰ মহানগৰ হিচাপে গঢ়ি তুলিবলৈ সকলো ব্যৱস্থা গ্ৰহণৰ নির্দেশনা প্রদান কৰে।
ইফালে শনিবাৰে দিছপুৰত মুখ্যমন্ত্ৰী ড° শৰ্মাই খনিজ আৰু খনন বিভাগৰ এক বিস্তৃত পৰ্যালোচনাৰ বৈঠকতো অংশ লয়। এই বৈঠকত ভূতত্ত্ব আৰু খনন সঞ্চালকালয়, এ এম ডি চি এল আৰু এ এইচ ই চি এলৰ কাৰ্যকলাপৰ পৰ্যালোচনা কৰা হয়। বিগত পাঁচ বছৰত বিভাগসমূহে লাভ কৰা সাফল্যসমূহ আৰু আগন্তুক পাঁচ বছৰৰ উন্নয়নমূলক ৰোডমেপৰ ওপৰত আলোচনা কৰাৰ লগতে খনন খণ্ডৰ সংস্কাৰ, খনি নিলাম, ৰাজহ বৃদ্ধিৰ পৰিকল্পনা, খনিজ লীজ ব্যৱস্থাপনা আৰু গুৰুত্বপূৰ্ণ তথা দুষ্প্রাপ্য খনিজ সম্পদৰ অনুসন্ধানৰ বিষয়েও আলোচনা কৰা হয়।