দেশত বিকশিত হ'ব ১০০ ঔদ্যোগিক পার্ক

dainik janambhumi March 19, 2026

ডিজিটেল ডেস্ক : মধ্যপ্রাচ্যত আমেৰিকা-ইজৰাইল আৰু ইৰানৰ মাজত চলি থকা যুদ্ধৰ বাবে দেশত সৃষ্টি হোৱা বিভিন্ন সমস্যাৰ মাজতে দেশৰ ঘৰুৱা উদ্যোগসমূহলৈ কেন্দ্ৰীয় চৰকাৰে সুখবৰ দিছে। কেন্দ্ৰীয় কেবিনেটে বুধবাৰে ভাৰত ঔদ্যোগিক বিকাশ যোজনা (ভব্য) ক অনুমোদন দিয়ে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্রীয় কেবিনেটে এই সিদ্ধান্ত লয়। ২০২৬ চনৰ কেন্দ্রীয় বাজেটত লোৱা প্রস্তাব অনুসৰি এই 'ভব্য' আঁচনিৰ অধীনত সমগ্র দেশজুৰি ১০০খন ঔদ্যোগিক পার্ক কিবশিত কৰা হ'ব আৰু ইয়াৰ বাবে কেন্দ্রীয় কেবিনেটে ৩৩,৬৬০ কোটি টকা আবণ্টন দিয়ে। এই 'ভব্য' আঁচনিৰ অধীনত ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰৰ ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠান আৰু ব্যক্তিগত প্রতিষ্ঠানৰ সৈতে একেলগে প্রকল্পসমূহ বিকশিত কৰা হ'ব।

কেন্দ্রীয় কেবিনেটৰ এই সিদ্ধান্তক সাংবাদিকক অৱগত কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্রী অশ্বিনী বৈষ্ণবে কয় যে দেশত উৎপাদন আৰু ঔদ্যোগিক বিকাশ ত্বৰান্বিত কৰাৰ বাবে সমগ্র দেশত ১০০খন 'প্লাগ এন্ড প্লে' ইন্ডাষ্ট্রিয়েল পার্ক বিকশিত কৰা হ'ব। এই 'ভ্য' আঁচনিৰ জৰিয়তে সমগ্র উদ্যোগ খণ্ডত ১৫ লাখ প্রত্যক্ষ চাকৰিৰ সৃষ্টি হোৱাৰ লগতে ঔদ্যোগিক সম্প্ৰসাৰণৰ ক্ষেত্ৰত ব্যাপক পৰিসৰত সমর্থন যোগাব। এই 'ভব্য' আঁচনিৰ অধীনত দেশত বিশ্বস্তৰীয় ঔদ্যোগিক আন্তঃগাঁথনিৰ পৰিকল্পনা কৰা হৈছে। এই আঁচনিৰ অধীনত ১০০ৰ পৰা ১০০০ একৰ ভূমিৰ ব্যাসার্ধত ঔদ্যোগিক পার্ক বিকশিত কৰা হ'ব আৰু প্রতি একৰত ১ কোটি টকাকৈ বিত্তীয় সাহায্য দিয়া হ'ব। এই ঔদ্যোগিক পার্কসমূহত অভ্যন্তৰীণ পথ, আণ্ডাৰগ্ৰাউণ্ড সুবিধা, নলা-নিষ্কাষণ পদ্ধতি, সামূহিক চিকিৎসা কেন্দ্র, আই চি টি নেটৱৰ্ক আৰু প্রশাসনিক ব্যৱস্থা আদি থাকিব। এই পার্কত মূল্য সংযোজিত আন্তঃগাঁথনি, যেনে- কাৰখানা, নিৰ্মাণ শাখা, পৰীক্ষণ লেবৰেটৰী, ৱেৰহাউছ আৰু সামাজিক সা-সুবিধা, যেনে- শ্রমিকৰ বাবে গৃহ আদি থাকিব।

কেন্দ্রীয় মন্ত্রী বৈষ্ণরে কয় যে এই ঔদ্যোগিক পাৰ্কৰ বাহ্যিক আন্তঃগাঁথনিৰ বাবে প্রকল্প ব্যয়ৰ ২৫% সমর্থন দিব কেন্দ্ৰীয় চৰকাৰে যাতে বর্তিত নেটৱৰ্কৰ সৈতে এটা অবিৰত যোগাযোগ ৰক্ষা কৰিব পাৰে। ৰাষ্ট্ৰীয় ঔদ্যোগিক কৰিডৰ বিকাশ কাৰ্যসূচীৰ অধীনত বিকশিত কৰা ঔদ্যোগিক স্মার্ট চিটিসমূহৰ দৰে এই 'ভব্য' আঁচনি ৰাজ্য চৰকাৰ আৰু ব্যক্তিগত খণ্ডৰ উদ্যোগীৰ অংশীদাৰিত্বত ৰূপায়ণ কৰা হ'ব। মন্ত্রী বৈষ্ণৱে কয় যে এই পদক্ষেপৰ জৰিয়তে ঘৰুৱা উদ্যোগীৰ বাবে সহজে ব্যৱসায় কৰা, বিনিয়োগ অনুকূল ব্যৱস্থাৰ দিশত ৰাজ্য চৰকাৰসমূহৰ দ্বাৰা কাৰ্যপন্থা ৰূপায়ণ কৰা হ'ব।

Share This