ডিজিটেল ডেস্ক: গোৱালপাৰাত অসম চিকিৎসা সেৱা সন্থাৰ গোৱালপাৰা শাখাৰ উদ্যোগত ১৭, ১৮ আৰু ১৯ জানুৱাৰীলৈকে তিনি দিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ এম এন আৰ আৰ চৌহদত অসম চিকিৎসা সেৱা সন্থাৰ ৫২সংখ্যক সাধাৰণ অধিৱেশন অনুষ্ঠিত হৈছে।
কার্যৰ্যসূচী অনুসৰি ১৭ জানুৱাৰীৰ আবেলি প্রতিনিধি শিবিৰ উদ্বোধন স্বাস্থ্য মন্ত্ৰীৰ উপস্থিতিত ই এম আৰ আই গ্রীন হেল্থ ছার্ভিচেজ আৰু ইয়াৰ কৰ্মচাৰীসকলৰ ইউনিয়নৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ যায়। এই বৈঠকতে কৰ্মচাৰীসকলে আন্দোলন কার্যসূচী প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰে। আনহাতে, শ্রম বিভাগৰ লগত হোৱা আলোচনাৰ সিদ্ধান্তসমূহ ৰূপায়ণ হৈছে নে নাই সেয়া পর্যবেক্ষণ কৰিবৰ বাবে এন এইচ এমৰ অতিৰিক্ত পৰিচালন সঞ্চালক ড° মনোজ চৌধুৰী, স্বাস্থ্য বিভাগৰ যুটীয়া সচিব পঞ্চমী চৌধুৰী আৰু এন এইচ এমৰ পৰিচালন সঞ্চালক ড° অভিজিত শৰ্মাৰ নেতৃত্বত এখন সমিতি গঠন কৰি দিয়া হয়।
স্বাস্থ্য মন্ত্রীয়ে উক্ত বৈঠকত মানৱীয়তাৰ খাতিৰত ছাটাই কৰা কৰ্মচাৰীসকলৰ পুনৰ যোগদানৰ বিষয়টো অনুকম্পাৰে বিৱেচনা কৰিবলৈ গ্রীন হেল্থ ছার্ভিচেজৰ বিষয়ববীয়াসকলক অনুৰোধ কৰে। উল্লেখযোগ্য যে ১০৮ৰ কৰ্মচাৰীসকলে এইবাৰ ভোগালী বিহুও চচলৰ প্রতিবাদস্থলীতে পাৰ কৰে।