ডিজিটেল ডেস্কঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ভাৰতীয় মাছমৰীয়াৰ বিষয়টো 'মানৱীয় দৃষ্টিভংগী'ৰে চাবলৈ শ্রীলংকাক আহ্বান জনোৱাৰ এদিনৰ পাছতে দেওবাৰে দ্বীপ ৰাষ্ট্ৰখনে ১১জন ভাৰতীয় মাছমৰীয়াক মুকলি কৰি দিয়ে। শনিবাৰে প্রধানমন্ত্রী মোদী আৰু শ্রীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিশানায়কেৰ মাজত এই মাছমৰীয়াৰ বিষয়টো গভীৰভাৱে
আলোচনা কৰা হৈছিল।
ৰাষ্ট্ৰপতি দিশানায়কেৰ সৈতে বৈঠকৰ অন্তত মোদীয়ে কৈছিল যে মাছমৰীয়াসকলৰ জীৱিকা সম্বন্ধীয় বিষয়ত তেওঁলোকে গুৰুত্বসহকাৰে আলোচনা কৰিছিল। দুয়োখন দেশৰ নেতা দুজনৰ মাজত হোৱা এই আলোচনাৰ পাছতেই ১১জনকৈ ভাৰতীয় মাছমৰীয়াক মুকলি কৰি দিয়ে শ্রীলংকাই।