মহাৰাষ্ট্ৰৰ গড়চিৰোলীত ১১ মাওবাদীৰ আত্মসমর্পণ, ছট্টিশগড়তো চাৰি দুৰ্ধৰ্ষ সদস্যৰ অস্ত্ৰ সম্বৰণ

dainik janambhumi December 11, 2025

ডিজিটেল ডেস্ক : মহাৰাষ্ট্ৰৰ গড়চিৰোলী জিলাত বুধবাৰে আৰক্ষীৰ সঞ্চালক প্রধান ৰশ্মি শুক্লাৰ সন্মুখত ১১গৰাকী মাওবাদীৰ সদস্যই আত্মসমর্পণ কৰে। এই আত্মসমর্পণকাৰী সদস্যকেইগৰাকীৰ মূৰৰ বিনিয়মত সামগ্রিকভাবে ৮২ লাখ টকাৰ পুৰস্কাৰ আছিল। 

আনহাতে, এই আত্মসমর্পণ অনুষ্ঠানলৈ ৪গৰাকী মাওবাদীয়ে ইউনিফর্ম পৰিধান কৰি আহিছিল। মাওবাদীৰ আদৰ্শৰ প্ৰতি বীতশ্রদ্ধ হৈ আৰু জনতাৰ বিৰুদ্ধে মাওবাদীৰ হিংসাত্মক ঘটনাত বিতুষ্ট হৈ আৰু মহাৰাষ্ট্ৰ চৰকাৰৰ আত্মসমর্পণ তথা পুনৰ সংস্থাপন নীতিৰ প্ৰতি আকর্ষিত হৈ তেওঁলোকে মূলসুঁতিলৈ ঘূৰি অহাৰ সিদ্ধান্ত লয় বুলি ডি জি পিগৰাকীয়ে কয়। আনহাতে, ছট্টিশগড়ৰ পৰা পোৱা বাতৰি অনুসৰি, ৰাজ্যখনৰ কাংকেৰ জিলাত বুধবাৰে ৪গৰাকী মাওবাদীৰ সদস্যই আত্মসমর্পণ কৰে। 

চাৰিগৰাকীৰ ভিতৰত এজন আত্মসমর্পণকাৰী মাওবাদী ২০০৯ চনৰ এটা হিংসাত্মক সংঘৰ্ষৰ সৈতে জড়িত আছিল, য'ত ২৯জন নিৰাপত্তা বাহিনীৰ লোক নিহত হৈছিল। আজি আত্মসমর্পণ কৰা মাওবাদীৰ ভিতৰত ২গৰাকী মহিলা কেডাৰো আছে আৰু তেওঁলোকৰ মূৰৰ বিনিময়ত সামগ্রিকভাৱে ২৩ লাখ টকাৰ পুৰস্কাৰ আছিল।

Share This