আৰ চি বিৰ বিজয় উৎসৱত ভাগ ল'বলৈ গৈ ১১জনে হেৰুৱালে প্রাণ

dainik janambhumi June 05, 2025

ডিজিটেল ডেস্ক : ক্ৰিকেটৰ উন্মাদনাৰ বাবেই বুধবাৰে বেংগালুৰুত পদপিষ্ট হৈ প্রাণ হেৰুৱায় ১১জনকৈ লোকে। উল্লেখযোগ্য যে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে মঙলবাৰে প্ৰথমবাৰৰ বাবে আই পি এলৰ খিতাপ জয় কৰে। কখলি ইয়াৰ চিন্নস্বামী ষ্টেডিয়ামত বিজয় উৎসৱ পালন কৰাৰ সময়তে হঠাতে সৃষ্টি হোৱা ঠেলা-হেঁচাত পদপিষ্ট হৈ ১১জন লোক নিহত হোৱাৰ লগতে ৩৩জন লোক আহত হয়।

ষ্টেডিয়ামখনৰ মূল প্ৰৱেশদ্বাৰৰ কাষত এই ঘটনা ঘটে। আৰ চি বিৰ বিজয় যাত্রা তথা উৎসৱত অংশগ্ৰহণ কৰাৰ বাবে ষ্টেডিয়ামৰ মূল প্ৰৱেশদ্বাৰত হাজাৰ হাজাৰ লোক উপস্থিত হয় আৰু হঠাতে ভিৰ অনিয়ন্ত্ৰিত হৈ পৰে আৰু ঠেলা-হেঁচাৰ সৃষ্টি হয় আৰু পৰিস্থিতিয়ে শোচনীয় ৰূপ লয়। এই ঘটনাত আহতসকলৰ ভালেমানৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে। স্থানীয় ব'ৰিং চিকিৎসালয়ে দিয়া তথ্য মতে নিহতৰ সংখ্যা সাতজন আৰু আহত ১৯জন লোক চিকিৎসাধীন হৈ আছে। আনহাতে ভেদেহী চিকিৎসালয়ে দিয়া তথ্য মতে আন চাৰিজন লোক নিহত হৈছে আৰু আহত ৮জন চিকিৎসাধীন হৈ আছে। এই ঘটনাটো সংঘটিত হয় বিধানসভাত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু দলটোক (আৰ চি বি) সন্মানিত কৰাৰ সময়ত আৰক্ষীয়ে ভিৰ নিয়ন্ত্ৰণৰ কাৰণে লাঠীচালনা কৰে। উল্লেখযোগ্য যে ঠেলা-হেঁচাৰ সৃষ্টি হোৱাৰ আগতে এটা শিশু সংজ্ঞাহীন হৈ পৰিছিল।

প্ৰত্যক্ষদর্শীৰ মতে আৰ চি বিৰ খিতাপ জয়ৰ আনন্দত মতলীয়া হৈ পৰা লোকসকলে বিজয় উৎসৱত অংশ গ্ৰহণৰ বাবে ষ্টেডিয়ামৰ প্ৰৱেশদ্বাৰসমূহেৰে ভিতৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰাৰ সময়তে ঠেলা-হেঁচাৰ সৃষ্টি হয়। সেই সময়ত তাত আৰক্ষীৰ বৃহৎ সংখ্যক লোক উপস্থিত আছিল যদিও পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত ব্যর্থ হয়।

উল্লেখযোগ্য যে আৰ চি বি দলটোক কালি বিধানসভাত মুখ্যমন্ত্ৰীয়ে চৰকাৰৰ তৰফৰ পৰা সন্মানিত কৰে। তাৰ পৰা বাছেৰে দলটো ষ্টেডিয়ামলৈ ৰাওনা হয়। ইফালে মুখ্যমন্ত্রী সিদ্ধাৰামায়াই এখন সংবাদমেলত কয় যে এই ঘটনাটোত ১১জন লোক নিহত আৰু আন ৩৩জন লোক আহত হয়। তেওঁ কয়, 'এই দুর্ঘটনা ঘটিব নালাগিছিল। চৰকাৰে ঘটনাটোত গভীৰ শোক প্ৰকাশ কৰিছে। প্রত্যক্ষদর্শীৰ মতে, আৰক্ষীৰ অৱহেলা আৰু প্ৰচণ্ড ভিৰৰ ফলত হোৱা ঠেলা-হেঁচাৰ ফলতে দুর্ঘটনাটো হয়।

ইফালে ঠেলা-হেঁচাত ১১জন ক্রিকেটপ্রেমী নিহত হোৱাৰ ঘটনাটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্রকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে এটা বার্তাত কয়, 'বেংগালুৰুত ঘটা দুর্ঘটনা অতি দুখজনক। এই দুখৰ সময়ত নিজৰ প্ৰিয়জনক হেৰুওৱাসকলৰ প্ৰতি মই সমবেদনা জনাইছোঁ। আহতসকলৰ আশুআৰোগ্য কামনা কৰিছোঁ।' আনহাতে বি চি চি আইৰ সচিব দেৱজিৎ শইকীয়াই এই দুর্ঘটনাটোক দুর্ভাগ্যজনক বুলি কয়। তেওঁ কয়, 'ই জনপ্ৰিয়তাৰ এটা নেতিবাচক দিশ। জনসাধাৰণ ক্রিকেটাৰসকলৰ প্ৰতি উদ্বাউল হৈ পৰিছিল। আয়োজকসকলে ভালদৰে প্ৰস্তুতি চলাব লাগিছিল। এই ঘটনাত প্রাণ হেৰুওৱাসকলৰ পৰিয়ালৰ প্ৰতি সমবেদনা প্রকাশ কৰিছোঁ।' তেওঁ কয় যে ইমান বিশাল আয়োজন কৰাৰ সময়ত সঠিক প্রস্তুতি তথা সুৰক্ষাৰ দিশটোৰ প্ৰতি চকু ৰখা উচিত আছিল। ইফালে ষ্টেডিয়ামৰ বাহিৰত ১১জন লোক নিহত হোৱাৰ ঘটনাটোৰ পাছত ষ্টেডিয়ামত বিজয় উৎসৱ পালনক লৈ প্ৰশ্নৰো অৱতাৰণা হৈছে। উল্লেখযোগ্য যে আৰ চি বি দলটো ষ্টেডিয়ামত উপস্থিত হোৱাৰ সময়ত তাত উপস্থিত থকা লোকসকলে হর্ষোল্লাষেৰে আদৰণি জনায়।

ইফালে এই ঘটনাৰ বাবে মুখ্যমন্ত্রী সিদ্ধাৰামায়াই কর্ণাটক ক্রিকেট সন্থাক জগৰীয়া কৰিছে। তেওঁ কয় যে ষ্টেডিয়ামত আসনৰ সংখ্যা হ'ল ৩৫ হাজাৰ, কিন্তু বাহিৰত ৩-৪ লাখ ক্রিকেট প্রেমীয়ে ভিৰ কৰে, যাৰ ফলত ঠেলা-হেঁচাৰ সৃষ্টি হয়। তেওঁ কয় যে ৰাজ্য চৰকাৰ আৰু ক্রিকেট সন্থাই বিজয় যাত্ৰাৰ আয়োজন কৰিছিল। এনে ধৰণৰ ঘটনাৰ কোনেও কল্পনা কৰা নাছিল। কিন্তু ৩৫ হাজাৰ আসন থকা ষ্টেডিয়ামৰ বাহিৰত ৩-৪ লাখ লোকে ভিৰ কৰেহি। মুখ্যমন্ত্ৰীজনে মৃতকৰ পৰিয়ালৰ লোকলৈ দহ লাখ টকাকৈ এককালীন সাহায্য দিয়াৰ কথা ঘোষণা কৰে। এই ঘটনাৰ বেদনাই জয়ৰ আনন্দকো ম্লান কৰি পেলায়। ইফালে ষ্টেডিয়ামৰ বাহিৰত ঠেলা-হেঁচাত ১১জন লোকে প্রাণ হেৰুওৱাৰ সময়তে ষ্টেডিয়ামৰ ভিতৰত বিজয় উৎসৱত খেলুৱৈৰ সৈতে উপ-মুখ্যমন্ত্রী ডি কে শিৱকুমাৰে অংশগ্ৰহণ কৰে।

Share This