ডিজিটেল ডেস্ক : পশ্চিম বংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে বৃহস্পতিবাবে দাবী কবে যে ভোটাৰ তালিকাৰ বিশেষ ব্যাপক সংশোধনীৰ (এছ আই আৰ) বাবে হোৱা মানসিক চাপ আৰু আতংকৰ বাবে এতিয়ালৈকে ৰাজ্যখনত ১১০জন লোকৰ মৃত্যু হৈছে। ৪৯সংখ্যক আন্তঃৰাষ্ট্ৰীয় কলকাতা গ্রন্থমেলা উদ্বোধন কৰি তেওঁ কয় যে এই গ্রন্থমেলাতে তেওঁৰ ১৬২সংখ্যক গ্রন্থ প্রকাশ পাব, যিখন হৈছে এছ আই আৰৰ বাবে মানুহে পোৱা যাতনাৰ ২৬টা কবিতাৰ সংকলন। বেনাৰ্জীয়ে কয় যে বৃদ্ধ লোককে ধৰি হাজাৰ হাজাৰ লোকে শুনানিৰ বাবে এছ আই আৰৰ শিবিৰত শাৰী পাতিবলগীয়া হৈছে আৰু প্রতি দিনেই ৫-৬ ঘণ্টা মুকলিত অপেক্ষা কৰিবলগীয়া হৈছে।
মুখ্যমন্ত্রীগৰাকীয়ে কয়, 'বৈশ্লেষিক বিসংগতি (ল'জিকেল ডিজক্রেপেঞ্চী)ৰ নামত তেওঁলোকে (নির্বাচন আয়োগ) বাঙালীৰ উপাধিৰ দৰে বিষয় লৈছে, যিবোৰ বছৰ বছৰ ধৰি জনাজাত আৰু গ্রহণ কৰা হৈছে। মই মমতা বেনাৰ্জী আৰু মমতা বন্দোপাধ্যায় দুয়ো নামেৰেই জনাজাত। একেদৰে চেটার্জী আৰু চট্টোপাধ্যায় একেই উপাধি। 'ঠাকুৰ'কো ব্রিটিছ শাসন কালৰ পৰা 'টেগৰ' বুলি জনা যায়।'
বেনার্জীয়ে কয় যে যদি ৰবীন্দ্র নাথ জীয়াই থাকিলেহেঁতেন সম্ভৱতঃ তেৱোঁ আজি একেই সমস্যাত ভুগিলেহেঁতেন।' আনহাতে, বৃদ্ধ লোকসকলক জন্মৰ প্রমাণ বিচৰা সন্দর্ভত বেনার্জীয়ে কয়, 'আমাৰ মাতৃসকলে আমাক জন্মৰ সঠিক তাৰিখ ক'ব নোৱাৰে। আনকি (প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী) বাজপেয়ী ডাঙৰীয়ায়ো মোক কৈছিল যে ২৫ ডিচেম্বৰ তেওঁৰ প্রকৃত জন্ম দিন নহয়। মোৰ জন্মদিন জানিবলৈ মোৰ
মাধ্যমিকৰ (দশম শ্রেণীৰ ব'ৰ্ডৰ পৰীক্ষাৰ) কাগজ-পত্র আছে। কিন্তু আগৰ প্ৰজন্মৰ বহু লোক আছে যাৰ হাতত এনে প্রমাণ নাই। তেওঁলোকক হাৰাশাস্তি কিয় কৰিছে?'