২৪ ঘণ্টাত ১২ দুর্ধর্ষ মাওবাদীক হত্যা

dainik janambhumi September 13, 2025

ডিজিটেল ডেস্কঃ ছট্টিশগড়ত নিৰাপত্তা বাহিনীয়ে মাওবাদীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে। বৃহস্পতিবাৰে ৰাজ্যখনৰ গৰিয়াবাদ জিলাত নিৰাপত্তা বাহিনীৰ এটা অভিযানত মাওবাদীৰ কেন্দ্ৰীয় সমিতিৰ এজন জ্যেষ্ঠ নেতাসহ মাওবাদীৰ ১০জন সদস্য নিহত হয়। মনোজ ওৰফে মডেম বালাকৃষ্ণ-বালানা, ৰামাচন্দ্ৰ আৰু ভাস্কৰ নামেৰেও জনাজাত এই দুর্ধর্ষ মাওবাদীৰ নেতাজনে ১৯৮০ চনত নিষিদ্ধ চি পি আই (মাওবাদী)ত যোগদান কৰিছিল।

এই দুর্ধর্ষ মাওবাদীজনৰ মূৰৰ বিনিময়ত ১ কোটি টকাৰ পুৰস্কাৰ আছিল। ছট্টিশগড় আৰক্ষী, চি আৰ পি এফৰ কোব্ৰা বাহিনী আৰু ডি আৰ জিয়ে চলোৱা এই যুটীয়া অভিযানত মাওবাদীৰ কেন্দ্ৰীয় সমিতিৰ সদস্য মডেম বালাকৃষ্ণসহ ১০জন দুর্ধর্ষ মাওবাদীৰ সদস্য নিহত হয়। ২০২৬ চনৰ ৩১ মাৰ্চৰ পূৰ্বে সমগ্র দেশৰ পৰা মাওবাদীক নির্মূল কৰাৰ পণ লোৱা কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহে নিৰাপত্তাৰক্ষীক এই সফল অভিযানৰ বাবে অভিনন্দন জ্ঞাপন কৰে। আনহাতে, শুকুৰবাৰে পুৱা ৰাজ্যখনৰ বীজাপুৰত নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত মাওবাদীৰ দুজন সদস্য নিহত হয়। তেলেংগানাৰ সীমান্তৱর্তী জিলাখনৰ দক্ষিণ-পশ্চিমত থকা বনাঞ্চলত এই সংঘর্ষ হয়।

শেহতীয়া চৰকাৰী তথ্য অনুসৰি, চলিত বর্ষত এতিয়ালৈকে ছট্টিশগড়ত ২৪৩গৰাকী মাওবাদীৰ সদস্যক হত্যা কৰা হয়। ইয়াৰে ২১৪গৰাকী মাওবাদীৰ সদস্যক বাস্তাৰ ডিভিজনত হত্যা কৰা হয়। উল্লেখযোগ্য যে কালি মাওবাদীৰ কেন্দ্ৰীয় সমিতিৰ সদস্য বালাকৃষ্ণক হত্যা কৰাৰ লগে লগে মাওবাদীৰ শক্তি পূৰ্বতকৈ বহুখিনি হ্রাস পালে। আনহাতে, যোৱা ২৪ ঘণ্টাৰ ভিতৰত ছট্টিশগড়ত ১২জন দুর্ধর্ষ মাওবাদীৰ সদস্যক নিধন কৰি নিৰাপত্তা বাহিনীয়ে বিশেষ সফলতা অর্জন কৰিছে।

Share This