ডিজিটেল ডেস্ক: আমেৰিকা-ইজৰাইলৰে ইৰানৰ যুদ্ধ উত্তেজনা চলি থকাৰ সময়তে সমগ্র বিশ্বত প্রবল খাদ্য সংকটে দেখা দিছে। সমগ্র বিশ্বত ১.২ কোটি লোক দুর্ভিক্ষৰ কৰাল গ্রাসত পৰাৰ সম্ভাৱনা প্রকট হৈ উঠিছে।
২০২৫ চনতে বিশ্বৰ অনগ্ৰসৰ দেশসমূহ- হাইটি, মালি, গাজা, দক্ষিণ ছুডান, ছুডান, য়েমেন আৰু নাইজেৰিয়াৰ দৰে দেশত বিভিন্ন পৰিস্থিতিৰ বাবে প্রায় ২০ লাখ লোক দুর্ভিক্ষৰ কবলত পৰিছিল। কিন্তু ২০২৬ চনত ইৰান যুদ্ধ, খৰাং আৰু আন্তঃৰাষ্ট্ৰীয় সাহায্য সংকুচিত হৈ অহাৰ বাবে পৰিস্থিতি অধিক শোচনীয় হৈ পৰিছে। খাদ্য সংকটৰ বিষয়ত ২০২৬ চনৰ গোলকীয় প্রতিবেদনৰ মতে, চলিত বৰ্ষত বিশ্বৰ অধিকাংশ দেশত প্রবল খাদ্য সংকটৰ সৃষ্টি হৈছে।
বিশ্বৰ ৪৭খন দেশৰ মুঠ ২৬৬ মিলিয়ন লোকে ২০২৫ চনত খাদ্য নিৰাপত্তাহীনতাত ভুগিছিল আৰু ইয়াৰে প্ৰায় ২০ লাখ লোক অধিক আক্রান্ত হৈছিল। তদুপৰি, ৩৫.৫ মিলিয়ন শিশু পুষ্টিহীনতাত ভুগিছিল। আনহাতে, শেহতীয়া মধ্য প্রাচ্যৰ যুদ্ধ পৰিস্থিতিয়ে সমগ্র বিশ্বতে প্রবল খাদ্য সংকটৰ সৃষ্টি কৰে। ইফালে, ইজৰাইলৰ আক্ৰমণত একপ্ৰকাৰ বিধ্বস্ত হোৱা লেবাননৰ পৰিস্থিতি অতি গুৰুতৰ।
ৰাষ্ট্ৰসংঘৰ অধীনৰ এটা সংস্থাই প্রকাশ কৰা মতে, ইজৰাইলৰ আক্রমণে বিধ্বস্ত কৰা লেবাননত প্রায় ১২ লাখ লোকে চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা দুর্ভিক্ষৰ কবলত পৰিব। দেশখনৰ প্ৰায় এক চতুর্থাংশ নাগৰিকে বৰ্তমান প্রবল খাদ্য সংকটত ভুগি আছে বুলি সংস্থাটোৱে প্রকাশ কৰিছে।