বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী তৰণী কান্ত ৰায়ৰ পৰলোকপ্ৰাপ্তি; চাপৰত গভীৰ শোকৰ ছাঁ

Rashmi June 27, 2026

ডিজিটেল ডেস্ক: চাপৰ তথা সমগ্ৰ বিলাসীপাৰা মহকুমা অঞ্চলৰ শিক্ষা, সাহিত্য আৰু সমাজসেৱা ক্ষেত্ৰৰ অন্যতম ভোটাতৰা, বিশিষ্ট শিক্ষাবিদ শ্ৰদ্ধেয় তৰণী কান্ত ৰায়ে যোৱা নিশা প্ৰায় ১১:৩০ বজাত চাপৰ চিকিৎসালয়ত শেষ নিঃশ্বাস ত্যাগ কৰে। তেখেতৰ এই আকস্মিক বিয়োগৰ খবৰে সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলাইছে।

জীৱনৰ শেষ সময়লৈকে সমাজৰ হিতৰ বাবে কাম কৰি যোৱা ৰায়ে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ গুৰু দায়িত্ব অতি নিষ্ঠাৰে পালন কৰি থৈ গৈছে। তেখেতে কৰ্মময় জীৱনৰে সমাজলৈ যথেষ্ট অৱদান আগবঢ়াই থৈ গৈছে। 

তৰণী কান্ত ৰায় আছিল চাপৰৰ অগ্ৰণী শিক্ষানুষ্ঠান ৰত্নপীঠ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ। ইয়াৰ উপৰিও তেখেত সত্যপুৰ-ভকতগাঁও এম.ই. স্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক আৰু জ্ঞান জ্যোতি জাতীয় বিদ্যালয়ৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি অঞ্চলটোত শিক্ষাৰ পোহৰ বিলাইছিল। মৃত্যুৰ সময়লৈকে তেখেত ৰত্নপীঠ কলেজ পৰিচালনা সমিতিৰ এগৰাকী সক্ৰিয় সদস্য হিচাপেও জড়িত আছিল।

সাহিত্যৰ প্ৰতি থকা অপৰিসীম টানৰ বাবে তেখেতে ধুবুৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আৰু চাপৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি অসমীয়া ভাষা-সাহিত্যৰ ভঁৰাল চহকী কৰাত বিশেষ ভূমিকা লৈছিল।

কেৱল শিক্ষা-সাহিত্যই নহয়, অঞ্চলটোৰ ভৌগোলিক আৰু সামাজিক উন্নয়নৰ বাবেও তেখেতে সদায় নেতৃত্ব দিছিল। তেখেত বিলাসীপাৰা জিলা দাবী সমিতিৰ উপ-সভাপতি, চাপৰ মহকুমা দাবী সমিতিৰ সভাপতি, চাপৰ ৰেল পেচেঞ্জাৰ্ছ এছোচিয়েশ্যনৰ সভাপতি আৰু ঐতিহ্যৰক্ষা সংগ্ৰাম সমিতি, চাপৰৰ সভাপতি হিচাপে জনসাধাৰণৰ অধিকাৰৰ হকে অহোপুৰুষাৰ্থ কৰিছিল।

তেখেতৰ এই প্ৰয়াণৰ লগে লগে অঞ্চলটোৱে এগৰাকী দূৰদৰ্শী শিক্ষাবিদ, সুদক্ষ সংগঠক আৰু সমাজৰ প্ৰকৃত পথপ্ৰদৰ্শকক হেৰুৱালে। শিক্ষা, সাহিত্য, সমাজসেৱা আৰু জনহিতকৰ কামত তেখেতৰ আজীৱন ত্যাগ আৰু কৰ্মৰাজি চাপৰ তথা সমগ্ৰ বিলাসীপাৰা সমজিলাৰ ইতিহাসত চিৰস্মৰণীয় হৈ থাকিব। শিক্ষাবিদগৰাকীৰ পবিত্ৰ কৰ্ম আৰু আদৰ্শই অনাগত দিনত নতুন প্ৰজন্মক সদায় সুপথে পৰিচালিত হ’বলৈ অনুপ্ৰেৰণা যোগাই যাব।






উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This