গভীৰ সংকটত দেশৰ কৃষি অর্থনীতি

dainik janambhumi June 27, 2026

ডিজিটেল ডেস্ক : মধ্যপ্রাচ্যৰ যুদ্ধৰ বাবে সৃষ্টি হোৱা তেল আৰু সাৰৰ সংকটৰ পাছত দেশৰ কৃষিখণ্ডলৈ আন এটা ভয়ংকৰ সংকট নামি আহিছে। জলবায়ু পৰিঘটনা এল নিন'ই চলিত বাৰিষা বতৰত সৃষ্টি কৰা অনিয়মিত বৃষ্টিপাতৰ বাবে দেশৰ ২৮.৫০ লাখ কোটি টকাৰ কৃষি অর্থনীতিলৈ ভাবুকি কঢ়িয়াই আনিছে। এইবাৰ দুৰ্বল মৌচুমীয়ে ভাৰতৰ মুদ্রাস্ফীতিৰ আশংকা বৃদ্ধি কৰিছে। তেলৰ সংকটৰ পৰা সাময়িক সকাহ লাভ কৰিলেও বিকশিত এল নিন'ৰ পৰিঘটনাই চলিত বাৰিষাত দেশত প্রতিকূল বতৰৰ সৃষ্টি কৰিছে। খাৰিফ শস্য ৰোপণৰ সময়ত অনিয়মিত বৃষ্টিপাতে কৃষকৰ কৃষকৰ খেতিত গুৰুতৰ প্ৰভাৱ পেলাইছে। 

উল্লেখযোগ্য যে দক্ষিণ-পশ্চিম মৌচুমীয়ে ভাৰতৰ বাৰ্ষিক বৃষ্টিপাতৰ ৭০ শতাংশ সৃষ্টি কৰে আৰু এই বৰষুণ দেশৰ কৃষি অর্থনীতিৰ বাবে অতি গুৰুত্বপূর্ণ। এই সময়ছোৱাত বৃষ্টিপাতৰ ওপৰতে দেশৰ খাদ্যৰ দাম, গ্রামীণ চাহিদা আৰু সামগ্রিক অর্থনীতি নিৰ্ভৰ কৰে। এল এণ্ড টি ফাইনেন্সৰ অর্থনীতিবিদ ৰজনী ঠাকুৰে কয় যে অনিয়মিত বৃষ্টিপাতে বজাৰ আৰু গ্রামীণ ব্যয় দুয়োটাতে গভীৰ প্ৰভাৱ পেলাব। কৃষি খণ্ডত এই সম্ভাব্য সংকটে দেশৰ গ্ৰাম্য অর্থনীতিক গুৰুতৰ ক্ষতি আনিব। ভাৰতীয় ৰিজার্ভবেংকে ইতিমধ্যে বতৰ সম্বন্ধীয় মুদ্রাস্ফীতিৰ বিষয়ত সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে আৰু সামগ্ৰীৰ দামৰ বোজা বৃদ্ধিৰ দিশত যাৱতীয় প্রস্তুতি চলাইছে। উল্লেখযোগ্য যে ১০ শতাংশ বৃষ্টিপাত হ্রাস হ'লেই খাদ্য সামগ্ৰীৰ দামৰ দ্বাৰা পৰিচালিত খুচুৰা মুদ্রাস্ফীতি বৃদ্ধি পায়। কুৱাণ্টইক' ৰিছাৰ্চৰ অৰ্থনীতিবিদ য়ুবিকা সিংহলে কয় যে যোৱা ২২ জুন তাৰিখত স্বাভাৱিক স্তৰতকৈ ৪৩ শতাংশ বৃষ্টিপাত ভাৰতত হ্রাস পাইছে। 

আনহাতে, দেশৰ বিভিন্ন গ্রামীণ অঞ্চলত এই বাৰ পলমকৈ বাৰিষাৰ আগমন ঘটিছে। ফলত খাৰিফ শস্যৰ বতৰত কৃষকে শস্য ৰোপণত পলম কৰিব লগা হৈছে। পৰৱৰ্তী সময়ত ইয়াৰ বাবে শস্য উৎপাদনত গুৰুতৰ প্ৰভাৱ পৰাৰ আশংকা ঘনীভূত হৈছে। অর্থনীতিবিদ আৰু কৃষি বিশেষজ্ঞসকলে মত প্রকাশ কৰিছে যে এল নিন'ই সামগ্ৰ বিশ্বৰ লগতে ভাৰতৰ কৃষি খণ্ডলৈও ভাবুকি কঢ়িয়াই আনিছে। অনিয়মিত বৃষ্টিপাতে দেশৰ কৃষকৰ লগতে কৃষি অর্থনীতিতো এইবাৰ গুৰুতৰ প্ৰভাৱ পেলাব।

Share This