১৯ ৰাজ্যত ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ এবছৰ,কটা গ'ল ৬ কোটি ভোটাৰৰ নাম

Rashmi June 27, 2026

ডিজিটেল ডেস্ক : বৰ্তমান দেশৰ ১৯খন ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলত চলি থকা ভোটাৰ তালিকাৰ বিশেষ ব্যাপক সংশোধন (এছ আই আৰ)-এ এটা বছৰ অতিক্ৰম কৰিলে আৰু এই ভোটাৰ তালিকা সংশোধনত ইতিমধ্যে দেশত ৬ কোটি নাম কৰ্তন কৰা হ'ল। 

উল্লেখযোগ্য যে বিহাৰৰ বিধানসভা নিৰ্বাচনৰ আগত যোৱা বছৰ ২৪ জুনত ৰাজ্যখনত এছ আই আৰৰ প্ৰাৰম্ভিক (পাইলট) অনুশীলন আৰম্ভ হৈছিল। বিহাৰত এছ আই আৰ সম্পূৰ্ণ হোৱাৰ পাছত ৰাজ্যখনৰ ভোটাৰ তালিকাত প্রায় ৬৫ লাখ নাম কর্তন হৈছিল। সেই সময়ত বিৰোধী দল আৰু অধিকাৰকৰ্মীসকলে অভিযোগ কৰিছিল যে নির্বাচন আয়োগে বিজেপিৰ স্বাৰ্থত কাম কৰি নাগৰিকৰ নাম কৰ্তন কৰিছে। মাৰ্চত উচ্চতম ন্যায়ালয়ে ভাৰতৰ নিৰ্বাচন আয়োগৰ এছ আই আৰ কৰাৰ সাংবিধানিক বৈধতা বাহাল ৰাখিছিল। ইফালে পশ্চিম বংগ আৰু বিহাৰৰ যিসকলৰ নাম এছ আই আৰৰ পাছত ভোটাৰ তালিকাৰ পৰা কৰ্তন হৈছিল, তেওঁলোকক ৰাজ্যৰ চৰকাৰী কল্যাণমূলক আঁচনি লাভৰ পৰা বঞ্চিত কৰা হৈছিল। 

যোৱা বছৰ ২৭ অক্টোবৰত ঘোষণা কৰা এছ আই আৰ প্ৰক্ৰিয়াৰ দ্বিতীয় পৰ্যায়ত সামৰি লোৱা হৈছিল উত্তৰ প্ৰদেশ, পশ্চিম বংগ, তামিলনাডু, ৰাজস্থান, ছট্টীশগড়, কেৰালা, পুডুচেৰী, আন্দামান-নিকোবৰ, লাক্ষাদ্বীপ, গুজৰাট, মধ্য প্রদেশ আৰু গোৱাক। এছ আই আৰৰ আগত এই ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ মুঠ ভোটাৰ ৫০.৯৯ কোটিতকৈ বেছি আছিল। এছ আই আৰৰ পাছত ৫.১৮ কোটি হ্রাস পাই ৪৫.৮১ কোটি হয়। ভোটাৰৰ সংখ্যা ১০.২ শতাংশ হ্রাস পালে। আয়োগৰ মতে ভোটাৰ তালিকাৰ পৰা ৬৬,৮৮,৬৩৬ গৰাকী মৃত ব্যক্তিৰ নাম কৰ্তন কৰা হয়। এইসকলৰ ভিতৰত আটাইতকৈ বেছি কর্তন হয় উত্তৰ প্ৰদেশত (২৫.৪৭লাখ) আৰু তাৰ পাছতে পশ্চিম বংগৰ (২৪.১৬ লাখ)। ইয়াৰ উপৰি এছ আই আৰ প্ৰক্ৰিয়াৰ সময়ত আপত্তি আৰু মীমাংসাৰ পাছত অতিৰিক্তভাৱে ৬৩.১৬ লাখ নাম কর্তন হৈছিল। 

এছ আই আৰৰ তৃতীয় পৰ্যায়ত ১৬ খন ৰাজ্য আৰু তিনিখন কেন্দ্রীয়শাসিত অঞ্চল সামৰি লোৱা হৈছে। ৰাজ্যবোৰ হৈছে অন্ধ্র প্রদেশ, অৰুণাচল প্রদেশ, হাৰিয়ানা, ঝাৰখণ্ড, কৰ্ণাটক, মহাৰাষ্ট্ৰ, মণিপুৰ, মেঘালয়, মিজোৰাম, নগালেণ্ড, ওড়িশা, পঞ্জাব, ছিকিম, ত্ৰিপুৰা, তেলেংগানা আৰু উত্তৰাখণ্ড; আনহাতে কেন্দ্রীয়শাসিত অঞ্চল তিনিটা হৈছে দিল্লী, চণ্ডীগড় তথা দাদৰা-নগৰ হাৱেলী আৰু দমন-ডিউ।





উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This