ডিজিটেল ডেস্ক : মহাৰাষ্ট্ৰৰ অম্বৰনাথ পৌৰ নিগমৰ নৱনিৰ্বাচিত ১২জন কাউন্সিলৰে বুধবাৰে মাজনিশা আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। পৌৰ নিগমৰ নিৰ্বাচনৰ পাছতেই বিজেপিৰে মিত্রতা কৰাৰ অভিযোগত এই কংগ্ৰেছী কাউন্সিলৰ-কেইজনক দলৰ পৰা নিলম্বন কৰা হৈছিল।
মহাৰাষ্ট্ৰ বিজেপিৰ সভাপতি ৰবীন্দ্ৰ চৱনে এই তথ্য প্রকাশ কৰিছে। চৱনে কয় যে এই কাউন্সিলৰসকলে ক্ষমতা লাভৰ আশাত বিজেপিলৈ অহা নাই, তাৰ পৱিৰৰ্তে পৌৰ নিগম এলেকাৰ লগতে ৰাজ্যখনৰ উন্নয়নত অৰিহণা যোগোৱাৰ উদ্দেশ্যেহে বিজেপিত যোগদান কৰিছে।
উল্লেখযোগ্য যে ২০ ডিচেম্বৰত অম্বৰনাথ পৌৰ নিগমৰ নির্বাচন অনুষ্ঠিত হৈ যোৱাৰ পাছতে বিজেপি আৰু থানেৰ জিলা কংগ্রেছে নির্বাচ নত সংখ্যাগৰিষ্ঠতাৰ বাবে 'অম্বৰনাথ বিকাশ অঘাড়ী' গঠন কৰিছিল। এই অঘাড়ীৰ পৰা শিৱ সেনাক আঁতৰাই দিয়াৰ বিপৰীতে এন চি পি (অজিত পাৱাৰ) ক লগত ৰাখিছিল। কিন্তু কংগ্রেছ হাইকমাণ্ডে জিলা কংগ্ৰেছে বিজেপিৰে কৰা মিত্ৰতা মানি নল'লে আৰু ১২জনকৈ কাউন্সিলৰক নিলম্বিত কৰিছিল।