ডিজিটেল ডেস্ক : ইজৰাইল-আমেৰিকাৰে যুদ্ধত ইৰানৰ পৰিস্থিতি ক্রমাৎ ভয়াৱহ দিশত গতি কৰিছে। যুদ্ধত ইৰানে সর্বশক্তি প্রয়োগ কৰাৰ লগতে দেশখনৰ সেনাক শক্তিশালী কৰিবলৈ বিভিন্ন কৌশল অৱলম্বন কৰিছে। ইয়াৰ মাজতে বৃহস্পতিবাৰে এটা উদ্বেগজনক তথ্য পোহৰলৈ আহিছে। ইৰানে ইজৰাইল-আমেৰিকাৰে যুদ্ধত নিয়োজিত কৰিছে ১২ বছৰীয়া শিশুকো। কালি মানৱাধিকাৰ সংগঠন এমনেষ্টি ইণ্টাৰনেশ্যনেলে প্রকাশ কৰা এখন প্রতিবেদনত এই উদ্বেগজনক তথ্য পোহৰলৈ আহিছে। ইৰানে ইয়াৰ সামৰিক বাহিনী শক্তিশালী কৰিবলৈ ১২ বছৰ বয়সৰ শিশুকো সেনাত নিয়োজন কৰিছে।
ইছলামিক ৰিভলুশ্যনেৰী গার্ড কর্প'ছৰ (আই আৰ জি চি) দক্ষিণ ইৰানত অলপতে হোৱা যুদ্ধ অনুশীলনত ১২ বছৰ বয়সৰ শিশুবোৰক যুদ্ধ অভ্যাস কৰি থকা ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈছে। আনহাতে, আমেৰিকা ইজৰাইলৰে যুদ্ধ চলাই থকাৰ বাবে সৈন্যৰ নাটনি হোৱাত ইৰানে বিভিন্ন নিৰীক্ষণ চকীত শিশুবোৰক মোতায়েন কৰাৰ দৃশ্যও ইতিমধ্যে ভাইৰেল হৈছে। ইফালে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ইৰানত স্থল আক্রমণ চলাব বুলি বাৰে বাৰে ভাবুকি দি অহাৰ পৰিপ্ৰেক্ষিতত ইৰানে মার্কিন আক্রমণক প্রতিহত কৰিবলৈ সকলো প্রস্তুতি সম্পূর্ণ কৰিছে। ২ এপ্রিলত এমনেষ্টি ইণ্টাৰনেশ্যনেলে কয় যে আই আৰ জি চিৰ ডেপুটি সেনাধ্যক্ষ ৰহিম নাদালীয়ে ইয়াৰ মহম্মদ বছুল আল্লা কর্পছ অব্ গ্ৰেটাৰ তেহৰানত 'হোমলেও-ডিফেন্ডিং কম্বেটাণ্টাছ ফৰ ইৰান' শীর্ষক এটা নিযুক্তি অভিযানৰ ঘোষণা কৰে। এই নিযুক্তি অভিযানত ১২ বছৰীয়া শিশু আৰু ঊর্ধ্বৰ বয়সৰ কিশোৰক সেনাত স্বেচ্ছাসেৱক হিচাপে নিযুক্তি দিয়াৰ লক্ষ্য লোৱা হৈছে। ইৰানী সংবাদ মাধ্যম ডিফাপ্রেছে নাদালীৰ উদ্ধৃতি দি বাতৰি প্রকাশ কৰে যে মাতৃভূমিৰ সুৰক্ষাৰ বাবে আগ্রহী ১২ বছৰীয়া শিশু আৰু ঊর্ধ্বৰ কিশোৰে সমগ্র তেহৰানৰ মছজিদসমূহত থকা বাছিজ ঘাটিত নাম পঞ্জীয়ন কৰিব পাৰে। আনহাতে, এই নিযুক্তিৰ বাবে পঞ্জীয়ন ব্যৱস্থা সমগ্র তেহৰানৰ প্ৰধান ঠাইবোৰলৈও সম্প্ৰসাৰণ কৰা হ'ব বুলি বাতৰিটোত প্রকাশ হৈছে। এই নিযুক্তি অভিযানত ইৰানী শিশু-কিশোৰবোৰক যোগদান কৰোৱাবলৈ আগভাগ লৈছে হিজবুল্লাপন্থী সমর্থকবোৰে।
আমেৰিকাৰে যুদ্ধত ইৰানে শিশুক নিয়োজন কৰাৰ অভিযোগ কৰি এমনেষ্টি ইণ্টাৰনেশ্যনেলে কয় যে আমেৰিকা-ইজৰাইলে ইৰানৰ মছজিদসমূহত থকা বাছিজ ঘাটিত সঘনাই ক্ষেপণাস্ত্র-ড্র'নেৰে আক্ৰমণ কৰি থকাৰ ফলত সেইসমূহত নিয়োজিত শিশু-কিশোৰৰ মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ তীব্র সম্ভাৱনা আছে। ১৮ বছৰৰ তলৰ বয়সৰ শিশু-কিশোৰক ইৰানী সেনাত নিযুক্তি দি ইৰানে গুৰুতৰ অপৰাধ কৰিছে বুলি মানৱাধিকাৰ সংগঠনটোৱে অভিযোগ কৰে।