ডিজিটেল ডেস্ক : শিক্ষককে ধৰি বিভিন্ন বিভাগত হোৱা ১.২০ লাখৰো অধিক চৰকাৰী নিযুক্তি স্বচ্ছ-নিকা হোৱাৰ ফলত নিযুক্তি সম্পৰ্কীয় গোচৰ উচ্চ ন্যায়ালয়ত ৰুজু হোৱা নাই বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই দাবী কৰাৰ সময়তে গোচৰত জৰ্জৰিত মাধ্যমিক শিক্ষা সঞ্চালকৰ বিৰুদ্ধে শতাধিক আদালত অৱমাননাৰ গোচৰ ৰুজু হোৱাৰ তথ্য পোহৰলৈ আহিছে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ বিভাগসমূহৰ ভিতৰত সৰ্বাধিক শিক্ষা বিভাগৰ বিৰুদ্ধে গোচৰ ৰুজু হয়। উচ্চ ন্যায়ালয়ত চলি থকা গোচৰৰ ৰায় বিভাগসমূহে মানি কাৰ্যকৰী কৰে। ইয়াৰ বিপৰীতে উচ্চ ন্যায়ালয়ৰ ১২৫টা ৰায় অৱমাননা গোচৰৰ সন্মুখীন হৈছে মাধ্যমিক শিক্ষা সঞ্চালকালয়। মাধ্যমিক শিক্ষা সঞ্চালকালয়ে ন্যায়ালয়ৰ ৰায় অৱমাননা কৰা ঘটনা উদ্বেগজনক মাত্ৰালৈ বৃদ্ধি পোৱাৰ লগে লগে এক ভয়াৱহ বিশ্বাসযোগ্যতাৰ সংকটৰ সন্মুখীন হৈছে ৰাজ্যৰ শিক্ষকসকল।
তথ্য মতে, বৰ্তমানৰ সঞ্চালকগৰাকীয়ে দায়িত্ব গ্রহণ কৰাৰ পিছৰে পৰা সঞ্চালকালয়ৰ বিৰুদ্ধে ভুক্তভোগী শিক্ষকসকলে ৰুজু কৰা আদালতৰ ৰায় অৱমাননা কৰাৰ গোচৰ মুঠ ১২৫টালৈ বৃদ্ধি হৈছে। এই সকলোবোৰ গোচৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত লিপিবদ্ধ হৈ আছে। কেৱল বিষয়াগৰাকীৰ অদূৰদৰ্শিতাৰ বাবে এই গোচৰসমূহ ন্যায়ালয়ত বিচাৰাধীন হৈ আছে। ন্যায়ালয়ৰ ৰায় অমান্য কৰা গোচৰসমূহৰ ভিতৰত আছে ২০২০ চনত ১১টা, ২০২১ চনত ৭টা, ২০২২ চনত ১২টা, ২০২৩ চনত ২৩টা, ২০২৪ চনত ৩৭টা আৰু ২০২৫ চনত ৩৫টা। এতিয়ালৈকে মুঠ ১২৫টা আদালতৰ ৰায় অমান্যৰ গোচৰ ৰুজু কৰিবলৈ বাধ্যত পৰিছে ৰাজ্যৰ বিভিন্ন ঠাইৰ ভুক্তভোগী শিক্ষক। মাধ্যমিক শিক্ষাৰ ভাৰপ্ৰাপ্ত সঞ্চালক মমতা হোজাইৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত ১২৫টা আদালতৰ ৰায় অৱমাননাৰ গোচৰ চলি থকাৰ কথা উল্লেখ আছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৱেবছাইটত। এই তথ্যই মাধ্যমিক শিক্ষা সঞ্চালকালয়ত প্রশাসনিক দিশ অৱনমিত হোৱাৰ কথা স্পষ্ট কৰিছে।
ভুক্তভোগী শিক্ষকসকলৰ অভিযোগ অনুসৰি, বৰ্তমানৰ ভাৰপ্ৰাপ্ত সঞ্চালকৰ গাফিলতিৰ বাবে শিক্ষক সমাজ অপূৰণীয় ক্ষতিৰ সন্মুখীন হ'বলগীয়া হৈছে। অবিৰতভাৱে চলি থকা নীতিবিৰুদ্ধ কৰ্মৰ বাবে ন্যায়পালিকাৰ নিৰ্দেশনাৰ প্ৰতি প্ৰকাশ্য অৱজ্ঞাৰ পৰিণামৰ ফল হিচাপে উল্লিখিত গোচৰসমূহ ৰুজু হৈছে। ৰাজহুৱা স্বাৰ্থত আঘাত লগাৰ উপৰি চৰকাৰৰ বদনাম হৈ থকা বুলি সমালোচিত হৈছে। একাধিক গোচৰ ন্যায়ালয়ত স্থবিৰ হৈ থকাৰ পাছতো সঞ্চালকগৰাকীয়ে সংশোধনী ব্যৱস্থা গ্ৰহণ কৰাত ব্যৰ্থ হৈছে। এইক্ষেত্ৰতক শিক্ষা মন্ত্ৰী ৰণোজ পেণ্ডৰ মৌনতা আৰু নিষ্ক্রিয়তাই শিক্ষকসকলৰ মনত ক্ষোভৰ সৃষ্টি কৰিছে। শিক্ষকসকলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাক শীঘ্ৰে হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছে। বৰ্তমানৰ সঞ্চালকগৰাকীৰ ঘনিষ্ঠ বিষয়াসকলৰ বিৰুদ্ধে বিশ্বাসযোগ্যতাৰ অভিযোগ উত্থাপন হৈছে। তেওঁলোকৰ ভিতৰত এগৰাকী ভাৰপ্ৰাপ্ত উপ-সঞ্চালক, এজন অধীক্ষক আৰু এজন অৱসৰপ্ৰাপ্ত স্বয়ম্ভূ উপদেষ্টা শিক্ষকৰ দৌৰাত্ম্যৰ বাবে সঞ্চালকালয়ত সমস্যাসমূহ নিষ্পত্তি কৰাৰ প্ৰক্ৰিয়া বিলম্ব হোৱাৰ অভিযোগ উঠিছে। ভুক্তভোগী শিক্ষক আৰু নৈতিকতা থকা শিক্ষক মহলে অতি শীঘ্ৰে ভাৰপ্ৰাপ্ত মাধ্যমিক সঞ্চালকৰ ঠাইত স্থায়ী মাধ্যমিক সঞ্চালক নিযুক্তি দি বৰ্তমানৰ সঞ্চালকগৰাকীক অপসাৰণ বা সলনি কৰাৰ দাবী জনাইছে।