ভাৰতীয় সৌৰ সামগ্রীত ১২৬% শুল্ক আমেৰিকাৰ

dainik janambhumi February 26, 2026

ডিজিটেল ডেস্ক : আমেৰিকাৰ ড'নাল্ড ট্রাম্পৰ প্রশাসনে ভাৰত আৰু অন্য কিছুমান দেশৰ সৌৰ সামগ্ৰীৰ আমদানিত মঙলবাৰে ১২৬ শতাংশ প্ৰাৰম্ভিক প্ৰকাশ কৰা মতে, অনিল আম্বানিৰ বিলায়েন্স কমিউনিকেশ্যনছৰ বিৰুদ্ধে থকা বেংক প্ৰৱঞ্চনাৰ গোচৰটোৰ ক্ষেত্ৰত সংস্থাটোৰ তদন্তৰ অংশ হিচাপে এই 'এবড' শীৰ্ষক ঘৰটো জব্দ কৰাৰ বাবে এটা নির্দেশ জাৰি কৰা হৈছে। 

উল্লেখযোগ্য যে এই বিলাসী ঘৰটো ১৭ মহলীয়া আৰু ৬৬ মিটাৰ ওখ। মুম্বাইৰ পালি হিলৰ সমীপত এই ঘৰটো আছে। আনহাতে, ২৬ ফেব্ৰুৱাৰীত ইডিৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ জাননী দিছে ই ডিয়ে। শুল্ক আৰোপ কৰিছে। মার্কিন বাণিজ্য বিভাগে প্রকাশ কৰা মতে, দেশকেইখনলৈ আগবঢ়োৱা আমেৰিকাৰ চৰকাৰী ৰাজসাহায্যই আমেৰিকাৰ সৌৰ সামগ্ৰী উৎপাদনকাৰীসকলক অসুবিধাত পেলাইছে আৰু সেইবাবে ভাৰতসহ কেইবাখনো দেশৰ সৌৰ সামগ্ৰীৰ আমদানিত দেশখনে অধিক শুল্ক আৰোপ কৰিছে। 

৮৬ শতাংশৰ পৰা আৰম্ভ কৰি ১৪৩ শতাংশলৈকে ভাৰত, ইণ্ডোনেছিয়া আৰু লাওছৰ আমদানিৰ ওপৰত শুল্ক আৰোপ কৰিছে অমেৰিকাই। মার্কিন কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে ভাৰত, ইণ্ডোনেছিয়া আৰু লাওছৰ উৎপাদনকাৰীসকলে এটা স্বচ্ছ বজাৰ মূল্যৰ ওপৰত দাম লাভ কৰিছিল আৰু যাৰ বাবে আমেৰিকাৰ থলুৱা সৌৰ সামগ্ৰী উৎপাদনকাৰীসকলে লোকচানৰ সন্মুখীন হৈছিল। মার্কিন সৌৰ বজাৰত এটা স্বচ্ছ প্রতিযোগিতা হোৱাৰ বাবে এইটো এটা গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি মার্কিন কর্তৃপক্ষৰ এজন বিষয়াই মন্তব্য কৰে। 

আনহাতে, ব্লুমবার্গৰ মতে, দক্ষিণ এছিয়াৰ ভাৰতসহ চাৰিখন দেশৰ সৌৰ সামগ্ৰীৰ বাণিজ্যত এই নতুন মার্কিন শুল্কই প্রভাৱ পেলাব। উল্লেখযোগ্য যে ২০২৪ চনত ভাৰতীয় সৌৰ সামগ্ৰীৰ মার্কিন আমদানি আছিল ৭৯২.৬ মিলিয়ন ডলাৰ।

Share This