সাত ৰাজ্যত ১২ জিহাদীক গ্ৰেপ্তাৰ, আইছিছ, আল-কায়দাৰে জড়িতৰ অভিযোগ

dainik janambhumi March 27, 2026

ডিজিটেল ডেস্ক : অন্ধ্র প্রদেশ আৰক্ষীয়ে দেশৰ সাতখন ৰাজ্যত যুটীয়া অভিযান চলাই সন্ত্রাসবাদী সংগঠন আইছিছ আৰু আল-কায়দাৰে জড়িত ১২ লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। বুধবাৰে অন্ধ্র প্রদেশ আৰক্ষীয়ে প্রকাশ কৰা অনুসৰি, বিহাৰ, দিল্লী, কৰ্ণাটক, মহাৰাষ্ট্ৰ, পশ্চিম বংগ, তেলেংগনা আৰু ৰাজস্থানত স্থানীয় আৰক্ষীৰ সহযোগত অন্ধ্র আৰক্ষীৰ এটা বিশেষ দলে লোককেইজনক গ্রেপ্তাৰ কৰে। 

গ্ৰেপ্তাৰ কৰা অন্ধৰ তিনিজন সহ ১২ জনে সন্ত্রাসবাদী সংগঠন আইছিছ আৰু আল-কায়দাৰে সৈতে কাম কাজত জড়িত আছিল। অন্ধ্র প্রদেশৰ অভিযুক্তকেইটাক বিজয়ৱাড়াৰ বাসিন্দা মহম্মদ ৰামাতুল্লা ছৰীফ, মির্জা ছোহেইন বেইগ আৰু মহম্মদ ডানিছ বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীৰ মতে, এই তিনিটা অভিযুক্তই সন্ত্রাসবাদী সংগঠন দুটাৰ হৈ মৌলবাদৰ আদর্শ আৰু কাম-কাজ বিস্তাৰত ভূমিকা লৈ আছিল। 

অনুসন্ধানত পোৱা মতে, এই তিনিটা মূল অভিযুক্তই 'এ আই মালিক ইছলামিক য়ুথ' নামৰ এটা গোট গঠন কৰি সমগ্ৰ দেশতে যুৱক-যুৱতীক মৌলবাদৰ বাবে আকৰ্ষিত কৰিছিল আৰু জিহাদৰ বাবে প্ৰস্তুত কৰিছিল। আনহাতে, সিহঁতে বিদেশী হেণ্ডলাৰৰ নিৰ্দেশ মর্মে ভাৰতত সন্ত্ৰাসবাদৰ কাৰ্য সংঘটিত কৰাৰ ব্লু প্রিণ্ট ৰচনা কৰি আছিল।

Share This