পাঁচ বছৰত দেশত প্ৰাণ গ'ল ১৩ হাজাৰ লোকৰ

dainik janambhumi December 19, 2025

ডিজিটেল ডেস্ক : যোৱা পাঁচ বছৰত দেশত হোৱা অতি প্রতিকূল বতৰ সম্বন্ধীয় ঘটনাত ১৩ হাজাৰ লোকে প্রাণ হেৰুৱাইছে। লোক সভাত এই তথ্য প্রদান কৰিছে কেন্দ্ৰীয় চৰকাৰে। 

২০২০-২১ আৰু ২০২৫-২৬ বৰ্ষৰ সময়ছোৱাত প্রবল বৰষুণ, আকস্মিক বান, ভূমিস্খলন, ঘূর্ণী বতাহ আদিৰ বাবে দেশত ১৩,৩৮৪জন লোকৰ মৃত্যু হৈছে। ২০২৪-২৫ বৰ্ষৰ সময়ত দেশৰ সৰ্বাধিক ২৯৭৯জন লোকৰ প্ৰাকৃতিক দুর্যোগত আক্রান্ত হৈ মৃত্যু হৈছে। বিশেষকৈ ২০২৫ বর্ষত হিমাচল প্ৰদেশৰ মাণ্ডি, কুল্লু, কাংৰা আৰু ছিমলাত ডাৱৰ বিস্ফোৰণ, আকস্মিক বান আৰু ভূমিস্খলনত বহু লোকৰ মৃত্যু হৈছে। 

এই সময়ত হিমাচল প্রদেশত ৪,৩০০ কোটি টকাৰ সা-সম্পত্তি ধ্বংস হোৱাৰ লগতে ৩৮জন লোকৰ মৃত্যু হয়। আনহাতে, উত্তৰাখণ্ডতো অনুৰূপ পৰিস্থিতিৰ সৃষ্টি হৈছিল চলিত বৰ্ষত। আনহাতে, পঞ্জাবতো প্রবল বানে সহস্রাধিক গাঁৱত তাণ্ডৱলীলা চলাইছিল। এই বিধ্বংসী বানে পঞ্জাবত বহু কৃষকৰ খেতিপথাৰ নষ্ট কৰিছিল।

Share This