ডিজিটেল ডেস্ক : বাংলাদেশত নিৰ্বাচনৰ পাছত মহম্মদ ইউনুছৰ সলনি তাৰিক ৰহমান নেতৃত্বাধীন বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিৰ (বি এন পি) চৰকাৰ গঠন হোৱাত আশা কৰা হৈছিল যে ভাৰত-বিৰোধী চৰমপন্থীৰ তৎপৰতা হ্রাস পাব। কিন্তু ভাৰতৰ এজন প্রাক্তন চোৰংচোৱাই প্ৰতিৱেশী দেশখনৰ আভ্যন্তৰীণ বিষয়ত যি তথ্য সংগ্ৰহ কৰিছে, তাৰ পৰা আশংকা কৰা হৈছে যে বাংলাদেশৰ ভিতৰত ভাৰতৰ বিৰুদ্ধে এক ষড়যন্ত্ৰ ৰচনা হৈছে।
নৱভাৰত টাইমৰ এক প্রতিবেদন মতে, ভাৰতৰ চোৰাংচোৱা সংস্থা 'ৰ'ৰ প্ৰাক্তন এজেন্ট লাকী বিষ্টে বাংলাদেশৰ সন্দৰ্ভত যি চোৰাংচোৱা তথ্য ৰাজহুৱা কৰিছে, সেয়া ভাৰতৰ অভ্যন্তৰীণ নিৰাপত্তাৰ বাবে অতি উদ্বেগজনক। লাকী বিষ্টে সামাজিক মাধ্যম এক্সৰ নিজৰ প'ষ্টত কয়, 'বিশ্বৰ সকলো সংবাদ মাধ্যমে কেৱল এটা বাতৰিহে দেখুৱাই আছে যে তাৰিক ৰহমান চীনৰ ঘনিষ্ঠ হৈছে। কিন্তু বাংলাদেশৰ ভিতৰত যি সন্ত্রাসবাদী শিবিৰ চলি আছে, তালৈ কাৰো দৃষ্টি যোৱা নাই। যি দেখা গৈছে, তাতকৈ প্রকৃত বাস্তৱ বহুগুণে ভয়ংকৰ।' লাকী বিষ্টে বাংলাদেশত সক্রিয় মুঠ ১৩টা সন্ত্রাসবাদী শিবিৰ আৰু কাৰাগাৰৰ পৰা মুক্তি লাভ কৰা ১৭৪টা সন্ত্রাসবাদীৰ কথা উল্লেখ কৰে, যিবোৰ সক্ৰিয় হোৱাটো, ভাৰতৰ অভ্যন্তৰীণ নিৰাপত্তাৰ বাবে বহুত বেছি ভয়ংকৰ হ'ব পাৰে। তেওঁ নিজৰ প'ষ্টত উক্ত শিবিৰকেইটা ক'ত ক'ত আছে, কিমান সংখ্যক শিবিৰ আছে আৰু তাত কি কাম চলি আছে সেই বিষয়েও জনায়।
ভাৰতৰ প্ৰাক্তন চোৰাংচোৱা বিষয়াজনে কয় যে বাংলাদেশৰ মুঠ ৫খন জিলাত, সন্ত্রাসবাদীৰ ১৩টা শিবিৰত কাম-কাজ চলি আছে। ৰংপুৰত ২টা শিবিৰ সক্ৰিয় হৈ আছে বুলি দাবী কৰা হৈছে। এই শিবিৰ স্পৰ্শকাতৰ চিকেন নেকৰ সমীপত। চট্টগ্রাম পাহাৰত ৩টা শিবিৰ সক্ৰিয় হৈ আছে। উক্ত শিবিৰ প্ৰধানতঃ পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আইৰ সৈতে সম্পর্ক থকা হুজি বাংলাদেশ আৰু লস্কৰৰ। এই দুয়োটা সংগঠনেই ভাৰত-বিৰোধী কাম-কাজৰ বাবে কুখ্যাত। তৃতীয় স্থান হৈছে চিলেট। চিলেটত ৪টা সন্ত্রাসবাদী শিবিৰ আছে। এই শিবিৰকেইটাত উত্তৰ-পূৰ্বাঞ্চলত সন্ত্রাসবাদী কাম-কাজৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে বুলি কোৱা হৈছে। ইয়াত আল-কায়দাৰ সৈতে সম্পর্ক থকা 'আনচাৰুল্লা বাংলা টীম'ৰ (এ বি টি) সন্ত্রাসবাদী তৈয়াৰ কৰা হয়।
নেত্রকোণা জিলাত সন্ত্রাসবাদীৰ দুটা শিবিৰ সক্ৰিয় হৈ আছে। এই দুটা শিবিৰো আই এছ আইৰ নিয়ন্ত্রণত আছে। ইয়াত জে এম বি আৰু নতুন জে এম বিৰ সন্ত্রাসবাদীৰ প্রশিক্ষণ দিয়া হয়। পঞ্চমখন জিলা হৈছে। ইয়াত থকা দুটা শিবিৰ জামাত-এ ইছলামীয়ে পৰিচালনা কৰে। পাকিস্তানৰ সমৰ্থনপুষ্ট এই সংগঠনটো বাংলাদেশৰ স্বাধীনতাৰ সময়ৰ পৰা এতিয়ালৈকে ভাৰত-বিৰোধী সংগঠন ৰূপে কুখ্যাত।