ডিজিটেল ডেস্ক: ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব'র্ডে (বি চি চি আই) নিজৰেই পূৰ্বৰ ৰেকৰ্ড ভংগ কৰি টি-২০ বিশ্ব কাপৰ খিতাপ জয়ী দললৈ ১৩১ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে।
উল্লেখযোগ্য যে ৰোহিত শৰ্মাৰ নেতৃত্বত বার্বাডোজত ২০২৪ চনৰ টি-২০ বিশ্ব কাপৰ খিতাপ জয় কৰা ভাৰতীয় দলক ১২৫ কোটি টকাৰ নগদ ধনৰ টোপোলা আগবঢ়াইছিল বি চি চি আয়ে। আহমেদাবাদত এইবাৰ প্ৰথমটো দল হিচাপে বিশ্ব কাপৰ খিতাপ অক্ষুণ্ণ ৰখা সূর্যকুমাৰ যাদৱ বাহিনীক পূৰ্বৰ দুবছৰীয়া ৰেকৰ্ড ভংগ কৰি ব'ৰ্ডে বিশাল ধনৰাশিৰে পুৰস্কৃত কৰাৰ কথা ঘোষণা কৰে।
আহমেদাবাদত অনুষ্ঠিত ফাইনেলত নিউজিলেণ্ডক ৯৬ ৰানত হৰুৱাই ভাৰতে তিনিবাৰ টি-২০ বিশ্ব কাপৰ খিতাপ জিকা প্ৰথমটো দলত পৰিণত হয়। চুটি সংস্কৰণৰ খেলবিধৰ ইতিহাসত ভাৰ ভাৰতে তেনেদৰেই সবাতোকৈ সফল দল হিচাপে পৰিগণিত হৈছে। ভাৰতে আনহাতে এইবাৰৰ খিতাপ দখল কৰি আই চি চিৰ পৰা ২৭.৪৮ কোটি টকা লাভ কৰিছে।
সূর্যকুমাৰ বাহিনীয়ে ফাইনেলৰ উপৰি গ্ৰুপ পৰ্যায়ত আৰু ছুপাৰ এইটত প্রতিখন খেলত জয়ৰ সূত্ৰে মুঠ ২৮.৬ লাখ টকাৰ বোনাছ লাভ কৰে। ইফালে, ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব'র্ডে খিতাপ জয় কৰা খেলুৱৈ, সহযোগী ষ্টাফ আৰু নির্বাচকক শুভেচ্ছা জনোৱাৰ লগতে ভৱিষ্যতেও এনে সফলতা অব্যাহত থাকিব বুলি আশা ব্যক্ত কৰিছে।