ডিজিটেল ডেস্ক : গুজৰাটৰ আহমেদাবাদত অবৈধভাৱে বাস কৰি থকা অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে অভিযান চলোৱা হয়। পৃথক পৃথক নিৰাপত্তাৰক্ষীৰ দলে মহানগৰখনৰ বিভিন্ন স্থানত চলোৱা অভিযানত ১৩১গৰাকী অবৈধ বাংলাদেশীক গ্ৰেপ্তাৰ কৰা হয় আৰু ১৬০গৰাকী অবৈধ বিদেশীক জেৰা কৰাৰ বাবে আটক কৰে আৰক্ষীয়ে।
গুজৰাট আৰক্ষীয়ে অর্ধসামৰিক বাহিনীৰ সহযোগত মহানগৰখনৰ ছান্দোলা, গুলাৱনগৰ আৰু খৌয়াৰনগৰ এলেকাত তালাচী চলায়। প্রাথমিক অনুসন্ধানত শতাধিক বাংলাদেশীয়ে অবৈধভাৱে ভুৱা নথি-পত্ৰৰ ভিত্তিত মহানগৰখনত বাস কৰি থকাৰ তথ্য লাভ কৰে নিৰাপত্তাৰক্ষীয়ে।
উল্লেখযোগ্য যে মঙলবাৰৰ নিশাৰ পৰা চলোৱা এই অভিযানত ২৯০ গৰাকী সন্দেহযুক্ত লোকক আৰক্ষীয়ে জিম্মাত লৈ তেওঁলোকৰ নথি-পত্ৰ পৰীক্ষা কৰে। এই অভিযানৰ বিষয়ত গুজৰাটৰ উপ-মুখ্যমন্ত্ৰী হৰ্ষ সাংভিয়ে কয় যে ৰাজ্যখনৰ গৃহ বিভাগে অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিব।