মধ্যপ্রাচ্যত ১৩টা মার্কিন ঘাটি ধ্বংস

dainik janambhumi March 27, 2026

ডিজিটেল ডেস্ক : ইৰানৰ ক্ষেপণাস্ত্র আৰু ড্র'ন আক্রমণত দিশহাৰা হৈ পৰিছে বিশ্বৰ সৰ্বশক্তিমান ৰাষ্ট্ৰ আমেৰিকা। ইৰানক সহজে পৰাক্ত কৰাৰ লক্ষ্যৰে যুদ্ধ ঘোষণা কৰি এতিয়া ত্রাহি মধুসূদন সুঁৱৰিছে ড'নাল্ড ট্রাম্প বাহিনীয়ে। আমেৰিকা আৰু ইজৰাইলে ইৰানত চলোৱা আক্ৰমণৰ প্ৰতিশোধ কল্পে ইৰানেও মধ্যপ্রাচ্যত থকা মার্কিন সামৰিক ঘাটিসমূহত আক্রমণ চলাই আহিছে। ইৰানৰ ক্ষেপণাস্ত্ৰ আৰু ড্র'ন আক্রমণত মার্কিন সামৰিক ঘাটিসমূহ বিধ্বস্ত হৈ পৰিছে। মুজতবা খামেনেই নেতৃত্বাধীন ইৰানী সামৰিক বাহিনীয়ে অহর্নিশে চলাই থকা আক্রমণত ১৩টাকৈ মার্কিন সামৰিক ঘাটি এনেদৰে বিধ্বস্ত হৈ পৰিছে যে সেইবোৰ কোনো কাৰণতে নিৰাপদ আৰু বাসোপযোগী হৈ থকা নাই। 

এই সামৰিক ঘাটিসমূহ ত্যাগ কৰি মার্কিন সেনাই মধ্যপ্রাচ্যৰ ৰাষ্ট্ৰসমূহৰ হোটেল, ভাৰাঘৰ, বিভিন্ন কাৰ্যালয়ৰ চৌহদত আশ্রয় ল'বলৈ বাধ্য হৈছে। নিউয়র্ক টাইমছত প্রকাশিত এটা প্রতিবেদনত মধ্যপ্রাচ্যত মার্কিন সেনাৰ এই দুৰৱস্থাৰ কথা সবিস্তাৰে প্ৰকাশ পাইছে। প্রতিবেদন অনুসৰি, ইৰানে অহর্নিশে কৰি থকা আক্ৰমণত কুৱেইট, কাটাৰ, বাহৰেইন, সংযুক্ত আৰব আমীৰ শ্বাহী আদি দেশত থকা মার্কিন সামৰিক ঘাটিসমূহ বিধ্বস্ত হৈ পৰিছে। বিশেষকৈ কাটাৰত থকা মার্কিন ঘাটিসমূহ সর্বাধিক ক্ষতিগ্রস্ত হৈছে। মার্কিন সেনাৰ সূত্ৰয়ো এই কথা স্বীকাৰ কৰিছে। মার্কিন সেনাৰ সূত্রই প্রকাশ কৰিছে যে ইৰানৰ আক্ৰমণত কুৱেইটত থকা চুৱেইবা বন্দৰ, আলী-আল-ছালেম বিমান ঘাটি, বুৱেৰিং সামৰিক ঘাটিৰ বিস্তৰ ক্ষতি কৰিছে। এই আক্রমণত কেৱল সামৰিক আন্তঃগাঁথনিৰ ক্ষতি কৰাই নহয় সামৰিক বিষয়া-জোৱানসকলৰ জীৱনৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে। মার্কিন বিমান পৰিবহণৰ আন্তঃগাঁথনি, ইন্ধন ব্যবস্থা ইৰানৰ ক্ষেপণাস্ত্র আক্রমণত সম্পূর্ণৰূপে ধ্বংস হৈছে। ইয়াৰ ফলত মার্কিন সেনাই পিছহুঁহকি গৈ এতিয়া দীর্ঘদূৰত্বৰ যুদ্ধত মনোনিবেশ কৰিব লগা হৈছে। 

কাটাৰত থকা মার্কিন সেনাৰ 'চেন্ট্রেল কমাণ্ড'ৰ আঞ্চলিক মুখ্য কাৰ্যালয়ক 'আগতীয়াকৈ সাৱধান কৰা ৰাডাৰ ব্যৱস্থা' ইৰানৰ আক্ৰমণত সম্পূৰ্ণৰূপে বিধ্বস্ত হয়। ইফালে, বাহৰেইনত থকা মার্কিন শিবিৰত ইৰানী ড্র'ন আক্রমণত মার্কিন সেনাৰ যোগাযোগ নেটৱৰ্ক ব্যৱস্থা ধ্বংস হয় আৰু ছৌডি আৰবতো মার্কিন সেনাৰ 'প্রিন্স চুলতান' বায়ু সেনাৰ ঘাটিৰ বিস্তৰ ক্ষতি হৈছে। যাৰ ফলত এতিয়া আমেৰিকাই চুবুৰীয়া দেশৰ অঞ্চলৰ পৰা ইৰানত আক্রমণ চলোৱাৰ পৰিকল্পনা বাদ দি দূৰৱৰ্তী যুদ্ধত গুৰুত্ব দিব লগা হৈছে।

Share This