ডিজিটেল ডেস্কঃ গুজৰাটৰ বিভিন্ন অংশত প্রচণ্ড বতাহ আৰু ধূলিৰ ধুমুহাৰ সৈতে অহা প্রবল বৰষুণ সম্বন্ধীয় ঘটনাত কমেও ১৪জন লোকৰ মৃত্যু হয়। মঙলবাৰে ৰাজ্যখনৰ চৰকাৰী বিষয়াসকলে এই তথ্য সদৰী কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা কেইবাদিনলৈ ৰাজ্যখনত বতাহ-বিজুলী-ঢেৰেকনিৰ সৈতে প্ৰবল বৰষুণ হোৱাৰ আগজাননী দিছে। যোৱা ২৪ ঘণ্টাত ৰাজ্যখনৰ ২৫৩টা টালুকাৰ ১৬৮টাত আবতৰীয়া বৰষুণ হয়। ৰাজ্যখনৰ জৰুৰী ব্যৱস্থাপনা কেন্দ্ৰই কয় যে খেদা, গান্ধীনগৰ, মেহছানা আৰু বদোদৰা জিলাত ২৫-ৰ পৰা ৪০ মিঃমিটাৰ পৰ্যন্ত বৰষুণ হয়। ইয়াৰ লগতে অহা প্রবল ধুমুহাই গছ-গছনি উভালি পেলোৱাৰ লগতে হ'ডিং আৰু খুঁটাসমূহো ভাঙি পেলায় আৰু বিভিন্ন জিলাত ঘৰ-দুৱাৰ বিধ্বস্ত হয়। ইয়াৰ ফলত বহু লোক আহতও হয়।
কর্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি ৰাজ্যখনত বৰুষুণ সম্বন্ধীয় ঘটনাত ১৩জন লোকৰ মৃত্যু হৈছে আৰু দেওবাৰে আহমেদাবাদৰ বিৰমগামত বজ্ৰ পৰি এজন লোকৰ মৃত্যু হয়। বৰষুণ সম্বন্ধীয় ঘটনাত খেদা জিলাত চাৰিজন, আহমেদাবাদ, ডাহাড় আৰু আৰাৱলী জিলাত দুজনকৈ আৰু আনন্দ জিলাত এজন লোকৰ মৃত্যু হয় বুলি প্রশাসনে সদৰী কৰিছে।