বাংলাদেশৰ ১৫ সেনা বিষয়াক গ্রেপ্তাৰ

dainik janambhumi October 13, 2025

ডিজিটেল ডেস্কঃ বাংলাদেশৰ সেনা বাহিনীৰ কমেও ১৫জন জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ কৰাৰ পাছত দেশখনৰ সেনাত তীব্ৰ জোকাৰণিৰ সৃষ্টি হয়। বাংলাদেশৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে (আই চি টি) যোৱা ৮ অক্টোবৰত দিয়া এটা নিৰ্দেশৰ পাছত এই বিষয়াকেইজনক গ্ৰেপ্তাৰ কৰা হয়। ঢাকাত থকা সেনাৰ শিবিৰৰ 'লগ এৰিয়া'ৰ পৰা তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয়।

এই বিষয়াসকলক বাংলাদেশৰ অসামৰিক আৰক্ষীৰ হাতত গতাই দিয়াৰ সম্ভাৱনা আছে। ইফালে, এই বিষয়াকেইজনক গ্ৰেপ্তাৰ কৰা কাৰ্যত বাংলাদেশ সেনাত তীব্র অসন্তোষৰ সৃষ্টি হৈছে। আন্তঃৰাষ্ট্ৰীয় অপৰাধ আদালতে মুঠ ২৪জন বিষয়াক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিছিল। আন কেইজনক অচিৰেই গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে। তেওঁলোকৰ বিৰুদ্ধে থকা তথাকথিত যুদ্ধ অপৰাধ আৰু আন অভিযোগৰ তদন্তৰ বাবে তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিছিল আই চি টিয়ে। বাংলাদেশৰ সেনাৰ এজন মুখপাত্রই কয় যে ন্যায়াধিকৰণৰ নিৰ্দেশ আৰু প্ৰতিষ্ঠানৰ অনুশাসনৰ পৰম্পৰা ৰক্ষা কৰি বিষয়াকেইজনক গ্ৰেপ্তাৰ কৰা হৈছে। ইফালে, গ্ৰেপ্তাৰৰ নিৰ্দেশ দিয়া এজন বিষয়া পলাতক অৱস্থাত আছে বুলি প্রকাশ পাইছে। তেওঁক পলায়ন কৰাত বাংলাদেশ সেনাৰ বিষয়াই সহায় কৰাৰো অভিযোগ উঠিছে।

Share This