মানাহলৈ ঘূৰি আহিল ১৫টা বিলুপ্তপ্রায় নল গাহৰি

dainik janambhumi June 08, 2026

ডিজিটেল ডেস্ক : 'আৰণ্যক'ৰ তত্ত্বাৱধানত ৰূপায়িত 'পিগমি হগ সংৰক্ষণ কাৰ্যসূচী' (পি এইচ চি পি)ৰ অধীনত কালি পোন্ধৰটা কৃত্রিম প্রজনন কেন্দ্রত জন্ম লোৱা নলগাহৰি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী বনাঞ্চলৰ কুৰিবিল তৃণভূমিত মুকলি কৰা হয়। 

৯টা মাইকী আৰু ৬টা মতা মিলি মুঠ পোন্ধৰটা নলগাহৰি অসমৰ প্রধান মুখ্য বন সংৰক্ষক (বন্যপ্রাণী) তথা মুখ্য বন্যপ্রাণী অভিভাৱক ড° বিনয় গুপ্তাৰ উপস্থিতিত মুকলি কৰা হয়। নলগাহৰি (Pygmy Hog-Porcula salvania) হৈছে পৃথিৱীৰ আটাইতকৈ সৰু আৰু দুর্লভ বনৰীয়া গাহৰি। এই প্রজাতিটো আই ইউ চি এন (IUCN) ৰ ৰেড লিষ্টত "বিপন্ন” (Endangered) হিচাপে তালিকাভুক্ত আৰু বিলুপ্তিৰ গম্ভীৰ সংকটৰ সম্মুখীন হৈ আছে। আগন্তুক পাঁচ বছৰত পি এইচ চিপি-এ প্রায় আশীটা নলগাহৰি মুকলি কৰাৰ পৰিকল্পনা কৰিছে। আনহাতে, ২০৪০ চনৰ ভিতৰত তিনিশটাকৈ নলগাহৰিৰ এক সুস্থ, স্থিতিশীল আৰু স্বয়ংসম্পূর্ণ বনৰীয়া জনসংখ্যা গঢ়ি তোলাই এই পদক্ষেপৰ লক্ষ্য। 

উল্লেখযোগ্য যে নৰ্বৈৰ দশকৰ মাজভাগৰ পূৰ্বে কেৱল মানাহতেই যথেষ্টসংখ্যক নলগাহৰি পোৱা গৈছিল যদিও বিভিন্ন কাৰকৰ প্ৰভাৱত মানাহতো লাহে লাহে নলগাহৰিৰ সংখ্যা কমি আহিছিল। পৰৱৰ্তী সময়ত পৃথিৱীৰ পৰা ক্ৰমাৎ বিলুপ্তিৰ দিশে গতি কৰা দুষ্প্রাপ্য নলগাহৰিৰ সংৰক্ষণৰ উদ্দেশ্যে পিগমি হগ সংৰক্ষণ কাৰ্যসূচীৰ জৰিয়তে ১৯৯৬ চনৰ পৰা বিজ্ঞানসন্মত বিশেষ ব্যৱস্থাৰ দ্বাৰা নলগাহৰিৰ প্রজনন প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। সেইমৰ্মে উক্ত বৰ্ষটোত মানাহৰ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ পৰা দুটা মতা আৰু দুটা মাইকী সহিতে মুঠ চাৰিটা নলগাহৰি ধৰি নি প্ৰজননৰ উদ্দেশ্যে বিশেষ সংৰক্ষণত ৰখা হৈছিল। পৰৱৰ্তী সময়তো মানাহৰ পৰা এনেদৰে নলগাহৰি নি উক্ত আঁচনিৰ অধীনত প্ৰজননৰ ব্যৱস্থা কৰা হৈছিল আৰু এইক্ষেত্ৰত বিশেষভাৱে সফল হৈছিল আঁচনিখন। যাৰ ফলস্বৰূপেই বিগত ২০০৮ বৰ্ষৰ পৰা উক্ত প্ৰজনন প্ৰক্ৰিয়াৰ দ্বাৰা জন্মলাভ কৰা নলগাহৰিবোৰ মানাহ, সোণাই-ৰূপাই অভয়াৰণ্য, ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু বৰনদী অভয়াৰণ্যত মুকলি কৰি দিয়া হৈছিল। 

কালি নলগাহৰি মুকলিৰ কার্যসূচীত উপস্থিত থাকি অসমৰ প্ৰধান মুখ্য বন সংৰক্ষক (বন্যপ্রাণী) তথা মুখ্য বন্যপ্রাণী অভিভাৱক ড° বিনয় গুপ্তাই কয়, 'নলগাহৰি সংৰক্ষণ কাৰ্যসূচীৰ অধীনত মানাহ ৰাষ্ট্ৰীয় উদ্যানত এই বিপন্ন প্রজাতিটোৰ পুনঃপ্ৰৱৰ্তন এক উল্লেখযোগ্য সংৰক্ষণমূলক সফলতা। এনে প্রচেষ্টা তৃণভূমি বাস্তুতন্ত্র পুনৰুদ্ধাৰ আৰু বিপন্ন প্রজাতিসমূহৰ সুৰক্ষাৰ বাবে অতি গুৰুত্বপূর্ণ। মই আশা কৰোঁ যে এই ভূ-প্রাকৃতিক পৰিসৰত এক স্থিতিশীল আৰু স্বয়ংসম্পূর্ণ পিগমি হগৰ জনসংখ্যা গঢ় লৈ উঠিব, যিয়ে মানাহক বিশ্বৰ এক গুৰুত্বপূৰ্ণ জৈৱ-বৈচিত্র্য সংৰক্ষণ ক্ষেত্ৰ হিচাপে অধিক শক্তিশালী কৰি তুলিব।' বি টি চিৰ অতিৰিক্ত মুখ্য বন সংৰক্ষক তথা চি এইচ ডি সুমন মহাপাত্রই কয়, 'মানাহত নলগাহৰিৰ প্রত্যাৱৰ্তন, সফল বাসস্থানৰ পুনৰুদ্ধাৰ আৰু সমন্বিত সংৰক্ষণ প্ৰচেষ্টাৰ এক উজ্জ্বল নিদর্শন। ইয়াৰ দ্বাৰা মানাহৰ তৃণভূমিসমূহৰ উন্নত স্বাস্থ্যৰ প্ৰতিফলন ঘটিছে আৰু এই অনন্য প্রজাতি তথা ইয়াৰ বাস্তুতন্ত্রক ভৱিষ্যৎ প্ৰজন্মৰ বাবে সুৰক্ষিত কৰাৰ প্রতিশ্রুতি অধিক দৃঢ় হৈছে।' 

উল্লেখযোগ্য যে ২০২০ চনৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানত এইটো হৈছে ষষ্ঠবাৰৰ বাবে নলগাহৰি মুকলিৰ কাৰ্যসূচী। ইয়াৰ ফলত পি এইচ চি পি-এ মানাহত মুকলি কৰা নলগাহৰিৰ মুঠ সংখ্যা ৭৮ লৈ বৃদ্ধি পালে। ইফালে এইবাৰৰ মুকলিকৰণক নলগাহৰিৰ এক 'প্রকৃত ঘৰলৈ উভতি অহা' বুলি ক'ব পাৰি, কিয়নো সংৰক্ষণমূলক প্রজনন কাৰ্যসূচীৰ আৰম্ভণিকালৰ বাবে নলগাহৰি প্ৰথমে মানাহৰ বাঁহবাৰী ৰেঞ্জৰ কুৰিবিল তৃণভূমিৰ পৰাই সংগ্ৰহ কৰা হৈছিল আৰু এতিয়া সেই একে অঞ্চলতে সিহঁতক পুনৰ মুকলি কৰা হৈছে। যোৱা ন বছৰত কুৰিবিল অঞ্চলত নলগাহৰিৰ কোনো নিশ্চিত উপস্থিতি লিপিবদ্ধ হোৱা নাছিল। সেয়েহে এই মুকলিকৰণে প্ৰজাতিটোৰ পুনৰুদ্ধাৰ আৰু ঐতিহাসিক বিস্তৃতি পুনঃপ্রতিষ্ঠাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি স্থাপন কৰিলে। অসমৰ বন বিভাগ, Durrell Wildlife Conservation Trust, IUCN SSC Wild Pig Specialist Group আৰু Ecosystems-India-ৰ সহযোগত, আৰু আৰণ্যকক মুখ্য কাৰ্যকৰী অংশীদাৰ হিচাপে লৈ পৰিচালিত পিগমি হগ সংৰক্ষণ কাৰ্যসূচীয়ে ১৯৭০-ৰ দশকত বিলুপ্ত বুলি আশংকা কৰা এই প্রজাতিটোক বিলুপ্তিৰ দুৱাৰমুখৰ পৰা উদ্ধাৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্র প্রকল্পৰ ক্ষেত্ৰ সঞ্চালক ড° চি ৰমেশে কয় যে মানাহত অঞ্চলটোৰ কিছুমান বৃহত্তম আৰু পৰিৱেশগতভাৱে অতি গুৰুত্বপূর্ণ তৃণভূমি আছে। এই তৃণভূমিসমূহে কেৱল জৈৱ-বৈচিত্র্য সংৰক্ষণতেই নহয়, প্রাকৃতিক জলাধাৰ হিচাপেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু উদ্যানখনৰ চাৰিওফালে বাস কৰা কৃষক সমাজৰ জল নিৰাপত্তা আৰু জীৱিকাৰ ক্ষেত্ৰতো সহায়ক। তেওঁ লগতে কয় যে এই তৃণভূমিসমূহে বহু বিশেষায়িত বন্যপ্রাণীৰ বাবে অপৰিহাৰ্য বাসস্থান প্রদান কৰে, যাৰ ভিতৰত অতি বিপন্ন পিগমি হগ অন্যতম। এই প্রজাতিটোৰ ভৱিষ্যৎ এই তৃণভূমি বাস্তুতন্ত্ৰৰ স্বাস্থ্য আৰু বিস্তৃতিৰ সৈতে ওতঃপ্রোতভাৱে জড়িত। পি এইচ টি পি-এ এতিয়ালৈকে অসমত সফলতাৰে ১৯৪টা নলগাহৰি প্ৰজনন কৰি বনৰীয়া পৰিৱেশত পুনঃপ্ৰৱৰ্তন কৰিছে। 

উল্লেখযোগ্যভাৱে, কাৰ্যসূচী আৰম্ভ হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে এতিয়া বিশ্বজুৰি বনৰীয়া নলগাহৰিৰ সংখ্যা পুনঃপ্ৰৱৰ্তিত নলগাহৰিৰ সংখ্যাক অতিক্রম কৰাৰ সম্ভাৱনা দেখা গৈছে। পি এইচ চি পি-ৰ সঞ্চালক ড° পৰাগ জ্যোতি ডেকাই কয়, '১৯৯৬ চনত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ পৰা দুটা মতা আৰু চাৰিটা মাইকী নলগাহৰি সংগ্ৰহ কৰাৰ জৰিয়তে নলগাহৰি সংৰক্ষণ কাৰ্যসূচীৰ যাত্ৰা আৰম্ভ হৈছিল। বন্দী অৱস্থাত প্ৰজনন কৰা নলগাহৰিসমূহক বনৰীয়া পৰিৱেশত পুনঃপ্ৰৱৰ্তন কৰাৰ কাৰ্য ২০০৮ চনত আৰম্ভ হয়। মানাহত মুকলি কৰাৰ পূৰ্বে অসমৰ আন কেইবাটাও উপযুক্ত তৃণভূমি অঞ্চল এই উদ্দেশ্যে নিৰ্বাচন কৰা হৈছিল।' পি এইচ চি পি-ৰ ক্ষেত্ৰ বিজ্ঞানী ড° ধৃতিমান দাসে কয়, 'পি এইচ চি পি-এ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ৫৯টা বন্দী প্রজনিত নলগাহৰি মুকলি কৰি এক সফল বনৰীয়া জনসংখ্যা পুনঃপ্রতিষ্ঠা কৰিছে। 

মানাহৰ পৰা প্ৰায় ১২০ কিল'মিটাৰ দক্ষিণ-পূবে ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰস্থিত এই উদ্যানখনত বর্তমান প্রায় ২৫০টা নলগাহৰি আছে বুলি অনুমান কৰা হৈছে আৰু এই জনসংখ্যা সম্পূৰ্ণৰূপে বনৰীয়াভাৱে জন্ম হোৱা প্রাণীৰে গঠিত বুলি ধৰা হয়।' পি এইচ চি পি-ৰ উপদেষ্টা ড° গৌতম নাৰায়ণে কয়, 'এই মুকলিকৰণে প্রায় তিনিটা দশকৰ সংৰক্ষণমূলক প্ৰচেষ্টাৰ সফল পৰিণতি প্রতিফলিত কৰিছে। সংৰক্ষণমূলক প্রজনন, বাসস্থান পুনৰুদ্ধাৰ আৰু বনৰীয়া পৰিৱেশত পুনঃপ্ৰৱৰ্তনৰ এক দীঘলীয়া যাত্ৰাৰ অন্তত নলগাহৰি পুনৰ নিজৰ পৈতৃক তৃণভূমিলৈ ঘূৰি আহিছে।' আৰণ্যকৰ উপ-কার্যবাহী সঞ্চালক ড° বিভূতি প্রসাদ লাহকাৰে কয় যে সংগঠনটোৱে পি এইচ চি পি-ৰ সংৰক্ষণ অংশীদাৰ হিচাপে আগলৈও কাম অব্যাহত ৰাখিব। বিশেষকৈ তৃণভূমি বাসস্থান পুনৰুদ্ধাৰৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হ'ব, যিটো নলগাহৰি আৰু অন্যান্য তৃণভূমি-নিৰ্ভৰশীল প্ৰজাতিৰ সংৰক্ষণৰ বাবে অত্যন্ত প্রয়োজনীয়।

Share This