ভাৰতত ১৫খন বিদেশী বিশ্ববিদ্যালয়ৰ চৌহদ, যাৱতীয় অনুমতি কেন্দ্ৰীয় চৰকাৰৰ

dainik janambhumi June 29, 2026

ডিজিটেল ডেস্ক : বিদেশত অধ্যয়ন কৰিবলৈ নোযোৱাকৈ স্বদেশতে একে পৰ্যায়ৰ ডিগ্ৰী আহৰণ কৰিব পাৰিব ভাৰতীয় ছাত্রই। ১৫খন বিদেশৰ বিশ্ববিদ্যালয়ক ভাৰতত চৌহদ স্থাপনৰ বাবে সন্মতি-পত্র (অনুমতি) জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে। এই অনুমতি পোৱা অধিকাংশ বিদেশৰ বিশ্ববিদ্যালয়ৰ চৌহদত প্রথম শৈক্ষিক বৰ্ষ অহা আগষ্ট মাহৰ পৰা আৰম্ভ হ'ব। 

প্ৰাৰম্ভিক পৰ্যায়ত প্রতিটো চৌহদত প্রায় ২০০-২৫০ ছাত্র-ছাত্রীয়ে নামভর্তি কৰিব পাৰিব। অহা পাঁচ বছৰত প্ৰতিখন চৌহদত ১০০০-১২০০ শিক্ষার্থীৰ নামভৰ্তিৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে। ভাৰতত চৌহদ স্থাপন কৰিবলগা বিদেশৰ বিশ্ববিদ্যালয়সমূহৰ ভিতৰত মুম্বাই, দিল্লী আৰু বেংগালুৰুত এবাৰডীন বিশ্ববিদ্যালয়, ব্রিস্টল বিশ্ববিদ্যালয়, য়র্ক বিশ্ববিদ্যালয়, ইলিনয়ছ বিশ্ববিদ্যালয়, লিভাৰপুল বিশ্ববিদ্যালয়, ভিক্টৰিয়া বিদ্যালয়ৰ চৌহদ স্থাপন হ'ব। 

চলিত শৈক্ষিক বৰ্ষৰ বাবে ইতিমধ্যে ১০ হাজাৰ শিক্ষার্থীয়ে নামভৰ্তিৰ বাবে আৱেদন কৰিছে। ভাৰতীয় চৌহদসমূহত বিদেশৰ বিশ্ববিদ্যালয়বোৰৰ একেই পাঠ্যক্রম, পৰীক্ষা সূচী আৰু মূল্যায়ন মান আৰু ডিগ্রী প্রদান কার্যসূচী থাকিব, যেনেকৈ তেওঁলোকৰ গৃহ চৌহদবোৰত কাৰ্যকৰী হৈ আছে। পাঠ্যক্রমত এ আই, কম্পিউটাৰ ছায়েন্সেজ আদি বিষয় থাকিব।

Share This