ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাৰ অগ্ৰৱৰ্তী গাঁওসমূহত বুধবাৰে পাকিস্তানী সেনাই গধুৰ বৰতোপ, মর্টাৰেৰে কৰা গোলাবর্ষণত চাৰিটা শিশু, সেনাৰ এজন জোৱানকে ধৰি ১৫জন নিহত আৰু আন ৪৩জন আহত হয়।
ভাৰতে পাকিস্তানৰ সন্ত্রাসবাদীৰ ৯টা ঘাটিত মিছাইল আক্রমণ চলোৱাৰ কিছু সময়ৰ পাছতেই সীমান্তত পাকিস্তানী সেনাৰ প্ৰবল গোলাবর্ষণ আৰম্ভ হয়। ভাৰতীয় সেনাই উক্ত গোলাবর্ষণৰ যথোচিত প্ৰত্যুত্তৰ দিয়ে। ভাৰতীয় সেনাৰ প্ৰত্যাক্ৰমণত পাকিস্তানৰ ফালে বহু লোকৰ মৃত্যু হোৱাৰ উপৰি পাকিস্তানী সেনাৰ কেইবাটাও চকীও ভাৰতীয় সেনাই ধ্বংস কৰে।
পাকিস্তানৰ এই গোলাবর্ষণত আটাইতকৈ বেছি পীড়িত হয় পুঞ্চ জিলা। এই জিলাতে ১২জন লোকৰ মৃত্যু হোৱাৰ উপৰি ৪৩জন আহত হয়। আহতসকলৰ কেইজনমানৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে।
নিয়ন্ত্ৰণ ৰেখাৰ এইফালে ভাৰতৰ পুঞ্চ জিলাৰ বালাকোট, মেন্ধাৰ, মানকোট, কৃষ্ণঘাটী, গুলপুৰ, কেৰনী আৰু আনকি পুঞ্চ জিলাৰ সদৰলৈও পাকিস্তানে গোলাবর্ষণ কৰে। এই গোলাবর্ষণৰ ফলত কেইবাজনৰ ঘৰ আৰু গাড়ীৰ ক্ষতিগ্রস্ত হয়।
আনহাতে, নিহত হোৱাসকলৰ ভিতৰত আছে বলবিন্দৰ কৌৰ ওৰফে ৰুবী (৩৩), মহম্মদ জাইন খান (১০), তেওঁৰ জ্যেষ্ঠ ভগ্নী জোয়া খান (১২), মহম্মদ আক্রম (৪০), অমৰিক সিং (৫৫), মহম্মদ ইকবাল (৪৫), ৰঞ্জিৎ সিং (৪৮), শ্বকীলা বাঈ (৪০), অমৰজিৎ সিং (৪৭), মৰিয়ম খাতুন (৭), বিহান ভাৰ্গৰ (১৩) আৰু মহম্মদ ৰফী (৪০)।
উল্লেখযোগ্য যে পহলগামৰ. সন্ত্রাসবাদী আক্ৰমণৰ পাছত একেৰাহে তেৰ দিন পাকিস্তানে জম্মু-কাশ্মীৰৰ সীমান্তত অপ্ৰৰোচিতভাৱে গুলীচালনা কৰিছে।